ETV Bharat / state

ধুবুৰীৰ ৰাজহুৱা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী টোপ - নিৰ্বাচনী টোপ

দি গ'ল এটাৰ পাচত এটা প্ৰতিশ্ৰুতি

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী টোপ
author img

By

Published : Mar 12, 2019, 12:51 AM IST

ধুবুৰী, ১১ মাৰ্চ : দেশৰ নিৰ্বাচনী আয়োগে লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি পাচতেই সোমবাৰে ধুবুৰীৰ বিলাসীপাৰাৰ আই এন আই খেল পথাৰত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ধুবুৰীৰ নিৰ্বাচনী সভাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে এখন এখনকৈ বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনি কথা উল্লেখ কৰি দি গ'ল নিৰ্বাচনী প্ৰতিশ্ৰুতি । ধুবুৰীৰ সংখ্যালঘূ ৰাইজ আকৰ্ষিত কৰিবলৈ তেওঁলোকৰ বাবে মহাবিদ্যালয় স্থাপনকে আদি কৰি কেইবাটাও আঁচনি গ্ৰহণৰ কথা উল্লেখ কৰি একপ্ৰকাৰ নিৰ্বাচনী টোপ দিলে মন্ত্ৰীগৰাকীয়ে ।

Intro: ধুবুৰীত ৰাজহুৱা সভাত বিজেপিৰ নিৰ্বাচনী টোপ। ধুবুৰীৰ বিলাসিপাৰাত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজহুৱা সভাত মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত এটাকৈ চৰকাৰী আঁচনিৰে ভোটাৰ ৰাইজক দিলে নিৰ্বাচনী টোপ।

Body: কালি দেশৰ নিৰ্বাচনী আয়োগে লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছদিনাই আজি ধুবুৰীৰ বিলাসিপাৰাৰ আই এন আই খেল পথাৰত অনুষ্ঠিত হয় বিজেপিৰ নিৰ্বাচন কেন্দ্ৰিক বিশাল জনসভা। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত বিজেপি চৰকাৰৰ এটাৰ এটাকৈ আঁচনি কথা উল্লেখ কৰি একপ্ৰকাৰ নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি ভোটাৰ ৰাইজক দি গলে নিৰ্বাচনী টোপ। বিশেষকৈ সংখ্যালঘু সকলক আকৰ্ষিত কৰিবলৈ সংখ্যালঘূক উদ্দেশ্যি কেইবাটাও আঁচনিৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে নিজৰ ভাষণত।

ইপিনে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এজন এজন পছন্দৰ প্ৰতিনিধি নিৰ্বাচিত কৰা প্ৰতিজন ভোটাৰৰ মৌলিক অধিকাৰ যদিওঁ সেই অধিকাৰ যেন খৰ্ব কৰিব বিচাৰিলে বিজেপি বিধায়ক অশোক কুমাৰ সিংহিয়ে। আজিৰ সভাত বিধায়ক গৰাকীয়ে বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট নিদিয়া ভুল সিদ্ধান্ত বুলি উল্লেখ কৰে। লগতে এইবাৰ লোকসভা নিৰ্বাচনৰ ভুল নকৰিবলৈ আহ্বান জনায় বিজেপি বিধায়ক গৰাকীয়ে।

Conclusion: মুঠৰ ওপৰত চৰকাৰী আঁচনিৰ টোপ দি ভোটাৰ ৰাইজক আকৰ্ষিত কৰি আজি ধুবুৰীৰ পৰাই বিজেপিয়ে নিৰ্বাচনী ৰণ দঙা বজালে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.