ETV Bharat / state

ধুবুৰীত গুৰু টেগ বাহাদুৰৰ ৩৪৫তম শ্বহীদ দিৱস উদযাপন - কোভিড-১৯

মহাপুৰুষৰ মিলন ভূমি ঐতিহাসিক ধুবুৰী চহৰ। শিখ ধৰ্মৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় প্ৰতিষ্ঠান ধুবুৰীৰ গুৰুদ্বাৰত উখল মাখল পৰিৱেশ। ন সাঁজত সজাই পৰাই তোলা ধুবুৰীৰ গুৰুদ্বাৰ লোকাৰণ্য হৈ পৰিছে। কাৰণ প্ৰতিবাৰৰ দৰে এইবেলিও আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ ৩৪৫তম শ্বহীদ দিৱস।

ধুবুৰীত গুৰু টেগ বাহাদুৰৰ ৩৪৫তম শ্বহীদ দিৱস উদযাপন

author img

By

Published : Dec 17, 2020, 10:05 PM IST

ধুবুৰী,17 ডিচেম্বৰঃ উখল মাখল ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰ। শিখ ধৰ্মৰ নৱম গুৰু,গুৰু টেগ বাহাদুৰৰ ৩৪৫ তম শ্বহীদ দিৱস পালন ধুবুৰী গুৰুদ্বাৰত। আন আন বাৰৰ দৰে এইবেলিও তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালোহেৰে পালন কৰা হৈছে শিখ ধৰ্মৰ নৱম গুৰুৰ শ্বহীদ দিৱস। শ্বহীদ দিৱস উপলক্ষে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তৰ সমাগম হৈছে ধুবুৰী গুৰুদ্বাৰত।

শ্বহীদ দিৱস উপলক্ষে আজি প্ৰথম দিনা উখল মাখল ধুবুৰীৰ গুৰুদ্বাৰ
উল্লেখযোগ্য যে,পোন্ধৰশ পাঁচ খ্ৰীষ্টাব্দত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন হোৱা শিখ ধৰ্মৰ ঐতিহাসিক গুৰুদ্বাৰ। শিখ ধৰ্মৰ প্ৰথম গুৰু, গুৰুনানকে স্থাপন কৰা ধুবুৰীৰ এইখন গুৰুদ্বাৰত ১৬শ খ্ৰীষ্টাব্দত আগমণ ঘটিছিল শিখ ধৰ্মৰ অন্তিম গুৰু, গুৰু টেগ বাহাদুৰ। পোন্ধৰ শ খ্ৰীষ্টাব্দত স্থাপন হোৱা ধুবুৰীৰ গুৰুদ্বাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম। কথিত পুৰাণ মতে,ষোল্ল শ শতিকাত অসম (কামৰূপ)ৰ ৰজা চক্ৰধ্বজ সিঙক আক্ৰমণ বাবে মোগল সম্ৰাট ঔৰংগজেৱে জয়পুৰৰ ৰজা ৰাম সিঙক পঠিয়াইছিল অসমৰ ধুবুৰী লৈ। সেই সময়ত ৰজা ৰাম সিঙে ধুবুৰী লৈ আমন্ত্ৰণ কৰিছিল নৱম গুৰু টেগ বাহাদুৰক। তেতিয়া ধুবুৰীত ক'লা যাদু আৰু কু সংস্কাৰৰ যথেষ্ট প্ৰভাৱ আছিল। সেয়ে পাঁচ পীৰক লগত লৈ ধুবুৰীত পদাৰ্পণ কৰিছিল শিখ ধৰ্মৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰে।
উখল মাখল ধুবুৰীৰ গুৰুদ্বাৰ
উখল মাখল ধুবুৰীৰ গুৰুদ্বাৰ

সেই মতে এটা সময়ত কলা যাদু আৰু কু সংস্কাৰ আঁতৰাই শান্তি প্ৰতিষ্ঠা কৰিছিল ধুবুৰীত। তেতিয়াৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ধ্যান কৰি ঈশ্বৰক উপাসনা কৰিছিল গুৰু টেগ বাহাদুৰে। যদিও পৰৱৰ্তী সময়ত নিজৰ পুত্ৰ সন্তান জন্ম হোৱাৰ খবৰ পাই পাটনাত থকা ঘৰলৈ উভতি যাওতে মোগল সম্ৰাট ঔৰংগজেৱৰ হাতত বন্দী হয় আৰু আজিৰ পৰা ৩৪৫ বছৰ পূৰ্বে বন্দীত্ব কালতেই শ্বহীদ হৈছিল গুৰু টেগ বাহাদুৰ। তেতিয়াৰ পৰাই প্ৰতিবছৰে ধুবুৰী গুৰুদ্বাৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় শ্বহীদ দিৱস।

ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰ
ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰ
ইপিনে প্ৰতিবাৰেই শ্বহীদ দিৱসত ধুবুৰী জিলাৰ লগতে ৰাজ্য তথা সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা লাখ ভক্তৰ সমাগম হয়। দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্ত ধুবুৰীলৈ আগমণ ঘটে। যদিও এইবেলি কোভিড-১৯ৰ মহামাৰীৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে শ্বহীদ দিৱসৰ কিছু কাৰ্যসূচীত বাতিল কৰিছে। আনহাতে ভক্তৰ সমাগম কিছু শিথিল হৈছে। কোভিড প্ৰটকল মানি পালন কৰা হৈছে শ্বহীদ দিৱস।
মহাপুৰুষৰ মিলন ভূমি ঐতিহাসিক ধুবুৰী চহৰ
মহাপুৰুষৰ মিলন ভূমি ঐতিহাসিক ধুবুৰী চহৰ
মুঠৰ ওপৰত তিনিদিনীয়াকৈ পালন হ'ব লগীয়া শ্বহীদ দিৱস উপলক্ষে আজি প্ৰথম দিনা উখল মাখল ধুবুৰীৰ গুৰুদ্বাৰ।
উলহ মালোহেৰে পালন কৰা নৱম গুৰুৰ শ্বহীদ দিৱস হৈছে

লগতে চাওকঃঅসম জাতীয় পৰিষদৰ সভাপতি পদত অধিষ্ঠিত লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.