ধুবুৰী,1 এপ্ৰিলঃ লক ডাউনৰ মাজতে বুধবাৰে গৌৰীপুৰৰ বালাজানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । লক ডাউন অমান্য কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষী বিষয়াক অপদস্থ কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিৱেশ উত্তপ্ত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বালাজান ধোৰাৰঘাট গাঁৱত বুধবাৰে এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু ঘটে ৷ একাংশ লোকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে ৷ লগতে গাঁৱখনৰ এটি পথ বন্ধ কৰি দিয়ে ৷ মহিলা গৰাকীৰ মৃতদেহ সৎকাৰ কৰিবলৈ যোৱা লোকসকলক বাধা প্ৰদান কৰে একাংশ উদণ্ড যুৱকে ৷ ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় বালাজান আৰক্ষী ৷ উপস্থিত আৰক্ষী বিষয়াকো উদণ্ড যুৱকৰ দলটোৱে হতাহতি কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে ৷
ইফালে,কৰ্তব্যৰত আৰক্ষী বিষয়াক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় অঞ্চলটোত । অৱশেষত গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰ ঘটনাস্থলীত উপস্থিত হৈ প্ৰণয় ৰায় নামৰ এজন যুৱকক আটক কৰে ৷ আটকাধীন যুৱকজনক ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধ-পোছ আৰম্ভ কৰিছে ।
লগতে চাওকঃ নলবাৰী জিলা প্ৰশাসনে ছীল কৰিছে জিলাখনৰ মোল্লাপাৰা অঞ্চল