ETV Bharat / state

দ্বিতীয়টো বানত প্লাৱিত ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল

ৰাজ্যৰ প্ৰথমটো বানৰ পিছত এইবাৰ দ্বিতীয়টো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰীৰ ভিন্ন অঞ্চলত । জিলাখনত দ্বিতীয়টো বানৰ ভয়াৱহতাই ভাবুকি আনিছে ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ প্ৰতি । ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাই পথেৰে বাগৰিছে পানী, ফলত বন্ধ যান-বাহনৰ চলাচল ৷

দ্বিতীয়টো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰীত
author img

By

Published : Jul 24, 2019, 7:28 PM IST

ধুবুৰী, 24 জুলাই: বছৰটোৰৰ দ্বিতীয়টো বানে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চলত । গংগাধৰ আৰু গদাধৰ নৈৰ বাঢ়নী পানীয়ে ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পৰ্বতঝৰা মহকুমা এলেকাৰ বহু কেইখন পাহাৰীয়া অঞ্চল হঠাৎ নিশাৰ ভিতৰতেই জলমগ্ন হৈ পৰাৰ সমান্তৰালকৈ সোণকোষ নৈৰ বাঢ়নি পানীয়ে চৰম ভাবুকি মাতি আনিছে বিলাসিপাৰাৰ বিস্তীৰ্ণ এলেকাৰ বহু কেইখন গাঁওলৈ ।

দ্বিতীয়টো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰীত

ধুবুৰী, 24 জুলাই: বছৰটোৰৰ দ্বিতীয়টো বানে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চলত । গংগাধৰ আৰু গদাধৰ নৈৰ বাঢ়নী পানীয়ে ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পৰ্বতঝৰা মহকুমা এলেকাৰ বহু কেইখন পাহাৰীয়া অঞ্চল হঠাৎ নিশাৰ ভিতৰতেই জলমগ্ন হৈ পৰাৰ সমান্তৰালকৈ সোণকোষ নৈৰ বাঢ়নি পানীয়ে চৰম ভাবুকি মাতি আনিছে বিলাসিপাৰাৰ বিস্তীৰ্ণ এলেকাৰ বহু কেইখন গাঁওলৈ ।

দ্বিতীয়টো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰীত
Intro: ৰাজ্যৰ প্ৰথমটো বানৰ পিছত এইবাৰ দ্বিতীয়টো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰীৰ ভিন্ন অঞ্চলত। দ্বিতীয়টো বানে ভাবুকি আনিছে ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰতি। ভাবুকি আনিছে ৰাষ্ট্ৰীয় ঘাই পথৰ এখন দলঙৰ প্ৰতিও। ৰাষ্ট্ৰীয় ঘাই পথেৰে বাগৰিছে পানী। বন্ধ যান বাহনৰ চলাচল।


Body:

হয়, বছৰটোৰ প্ৰথমটো বানৰ পিছত এইবাৰ দ্বিতীয়টো বানে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চলত। গংগাধৰ আৰু গদাধৰ নৈৰ বাঢ়নি পানীয়ে ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পৰ্বতঝৰা মহকুমা এলেকাৰ বহু কেইখন পাহাৰীয়া অঞ্চল হঠাৎ নিশাৰ ভিতৰতেই জলমগ্ন হৈ পৰাৰ সমান্তৰালকৈ সোণকোষ নৈৰ বাঢ়নি পানীয়ে চৰম ভাবুকি মাতি আনিছে বিলাসিপাৰাৰ বিস্তীৰ্ণ এলেকাৰ বহু কেইখন গাঁও। ইপিনে দ্বিতীয়টো বানে বিলাসিপাৰাৰ বৰকান্দা, যুগীৰমহল, মাছপাৰা গাঁও পঞ্চায়তৰ প্ৰায় বিশ খন গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। হঠাৎ ভুটানৰ পৰা অহা পানীয়ে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বিলাসিপাৰা বহু গাঁও বুৰ গৈছে। এই বানে বিলাসিপাৰাৰ সোণকোষ নৈৰ ওপৰত থকা দলং খনৰ প্ৰতি ভাবুকি অনাৰ বিপৰীতে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰতিও চৰম ভাবুকি মাতি মাতি আনিছে। কাৰণ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় এক ফুট ওপৰেৰে পানী বৈ থকাৰ ফলত যিকোনো মুহূৰ্তত বানৰ সোঁতত উটি যাব পাৰে বুলি আশংকা কৰি ইতিমধ্যে জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে গধুৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। যাৰ ফলত যান বাহনৰ চলাচল একপ্ৰকাৰ ব্যহত হৈ পৰাৰ সমান্তৰালকৈ বিছিন্ন হৈছে ধুবুৰীৰ সৈতে বহিঃবিশ্বৰ যোগাযোগ ব্যৱস্থা। আনহাতে ৰাইজৰ অভিযোগ মতে, বানৰ কবলত পৰা পৰিয়াল বোৰক জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈ উদ্ধাৰ অভিযান চলোৱা হোৱা নাই। যদিওঁ এই সকল বানাক্ৰান্ত পৰিয়াল নিজা প্ৰচেষ্টাৰে নিজৰ ঘৰবাৰী এৰি নিৰাপদ স্থান বিচাৰি উপস্থিত হৈছে একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষে।

DL with Byte




Conclusion: উল্লেখযোগ্য যে, বৰ্তমান ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়ো কাষে প্ৰায় তিনি শতাধিক অসহায় পৰিয়াল অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। মুঠৰ ওপৰত ইয়াৰ ৰাইজৰ মাজত এক হাহাকাৰৰ সৃষ্টি কৰিছে বছৰটোৰ দ্বিতীয়টো বানপানীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.