ধুবুৰী,14 জুলাই: অসম-বাংলাদেশৰ সীমান্তৱৰ্তী জিলা দক্ষিণ শালমাৰাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে বানে ৷ বৰ্তমানলৈকে জিলাখনৰ প্ৰায় 5.44 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বানত ৷ সম্প্ৰতি বানৰ কবলত পৰি চৰম দুৰ্দশাৰ সন্মুখীন হৈছে জিলাবাসী ৷ লগতে নতুনকৈ প্লাৱিত হৈছে বহু অঞ্চল ৷
ইফালে,ফকিৰগঞ্জত বানে উটুৱাই লৈ যায় যাতায়াতৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহৃত নামাশেৰশোৰ দলংখন ৷ উক্ত দলঙখন উটুৱাই লৈ যোৱা দৃশ্য ইতিমধ্যে বন্দী হৈছে কেমেৰাত ৷ দলঙখন বানে উটুৱাই নিয়াৰ ফলত যোগাযোগ ব্যাহত হৈ পৰিছে ফকিৰগঞ্জ আৰু ধুবুৰীৰ মাজত ৷ শীঘ্ৰে এই সমস্যাৰ সমাধান বিচাৰি চৰকাৰ তথা স্থানীয় প্ৰশাসনক দাবী জনাইছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বৰীফুল ইছলাম প্ৰধানীয়ে ৷

লগতে চাওকঃ ধুবুৰীত চোৰাং গৰুসহ চাৰিজনক গ্ৰেপ্তাৰ