ETV Bharat / state

গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড - গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড

ধুবুৰীৰ গৌৰীপুৰত অগ্নিকাণ্ডৰ ঘটনাত চাৰিটা পৰিয়ালৰ সা-সম্পত্তি জ্বলি নি:শেষ । জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড
গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Mar 12, 2021, 2:05 PM IST

ধুবুৰী,১২ মাৰ্চ: ধুবুৰীৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত বাঘমাৰা গাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । শুকুৰবাৰে গাঁঁৱখনত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ভস্মীভূত হয় । ৰফিক আলী, জয়দেৰ আলী, মিজানুৰ ৰহমান আৰু মূজাহাৰ আলীৰ বাসগৃহ সম্পূৰ্ণ জ্বলি যোৱাৰ ফলত এতিয়া দিশহাৰা হৈছে পৰিয়ালকেইটা । বহু সময়ৰ অন্তত স্থানীয় লোকৰ সহযোগত পৰিয়ালকেইটাই জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।

গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড
গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড

প্ৰথমে ৰফিক আলীৰ ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে আৰু পৰৱৰ্তী সময়ত জুই আন পৰিয়াল কেইটাৰ ঘৰলৈও সম্প্ৰসাৰিত হয় । এই অগ্নিকাণ্ডত পৰিয়াল কেইটাৰ ৭ টাকৈ টিনৰ ঘৰসহ ধান,চাউল,বহু পৰিমাণৰ টকা আৰু সোণৰ আ-অলংকাৰ ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:দৰঙত মনোনয়ন পত্ৰ দাখিল কৰিলে ইলিয়াছ আলীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.