ETV Bharat / state

ধুবুৰীৰ বেংকত বিধ্বংসী অগ্নিকাণ্ড - অগ্নিকাণ্ড

অগ্নিকাণ্ডত জাহ গ'ল বেংকটোৰ সকলো বৈদ্যুতিক সংযোগী সামগ্ৰী

ধুবুৰীৰ বেংকত অগ্নিকাণ্ড
author img

By

Published : Sep 12, 2019, 1:05 PM IST

  • ধুবুৰীত ভয়াৱহ অগ্নিকাণ্ড
  • পাঞ্জাৱ এণ্ড সিন্ধ বেংকত বুধবাৰে নিশা সংঘটিত অগ্নিকাণ্ড
  • শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সন্দেহ বেংক কৰ্তৃপক্ষৰ
  • অগ্নিকাণ্ডত জাহ গ'ল বেংকটোৰ সকলো বৈদ্যুতিক সংযোগী সামগ্ৰী
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ধুবুৰী আৰক্ষীয়ে
  • নিশা বেংক বন্ধ কৰি ঘৰলৈ যোৱা সময়তে সংঘটিত অগ্নিকাণ্ড
    ধুবুৰীৰ বেংকত অগ্নিকাণ্ড

  • ধুবুৰীত ভয়াৱহ অগ্নিকাণ্ড
  • পাঞ্জাৱ এণ্ড সিন্ধ বেংকত বুধবাৰে নিশা সংঘটিত অগ্নিকাণ্ড
  • শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সন্দেহ বেংক কৰ্তৃপক্ষৰ
  • অগ্নিকাণ্ডত জাহ গ'ল বেংকটোৰ সকলো বৈদ্যুতিক সংযোগী সামগ্ৰী
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ধুবুৰী আৰক্ষীয়ে
  • নিশা বেংক বন্ধ কৰি ঘৰলৈ যোৱা সময়তে সংঘটিত অগ্নিকাণ্ড
    ধুবুৰীৰ বেংকত অগ্নিকাণ্ড
Intro:ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড। পাঞ্জাৱ এণ্ড সিন্ধ বেংকত নিশা অগ্নিকাণ্ড। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সন্দেহ। বিস্তৰ ক্ষতি সাধন।


Body:

ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ এক বাতৰিয়ে জোকাৰি গৈছে সৰ্বসাধাৰণক। কাৰণ নিশা ধুবুৰী চহৰৰ মাজ মজিয়াৰ এইচ এন ৰোডত অৱস্থিত পাঞ্জাৱ এণ্ড সিন্ধ বেংকত অগ্নিকাণ্ড সংঘটিত হয়। যদিওঁ স্থানীয় ৰাইজৰ লগতে বেংক কৰ্তৃপক্ষই অৱগত নহয় অগ্নিকাণ্ড সন্দৰ্ভদ। ইপিনে আজি পুৱাৰ ভাগত বেংকৰ মেনেজাৰ আৰু কৰ্মচাৰী সকলে বেংকত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহে অগ্নিকাণ্ডৰ ঘটনা। বেংক কৰ্তৃপক্ষই চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। যদিওঁ ধুবুৰী আৰক্ষীয়ে বেংকত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, এই অগ্নিকাণ্ডৰ ফলত বেংকৰ ভিতৰৰ বৈদ্যুতিক সংযোগী সকলো সামগ্ৰী জ্বলি যোৱা পৰিলক্ষিত হয়। যদিওঁ কোনো নথিপত্ৰ আৰু জমাৰখা ধনখিনি জ্বলা নাই বুলি উল্লেখ কৰে বেংক মেনেজাৰে।

Byte:- ( 04 ) বেংক মেনেজাৰ।

ইপিনে অগ্নিকাণ্ডৰ খবৰ পাই ধুবুৰী আৰক্ষীয়ে বেংকত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। যদিওঁ কিমান টকাৰ ক্ষয় ক্ষতি হৈছে সেয়া নিশ্চিত হোৱা নাই বেংক কৰ্তৃপক্ষ আৰু আৰক্ষী।

Byte:- ( 05 ) আৰক্ষী বিষয়া।




Conclusion:উল্লেখযোগ্য যে, বুধবাৰে নিশা বেংক বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.