ETV Bharat / state

সভাৰ মাজতে মঞ্চৰ পৰা বাগৰিল ফণীভূষণ চৌধুৰী

author img

By

Published : Mar 28, 2021, 12:49 PM IST

Updated : Mar 28, 2021, 7:28 PM IST

চাপৰৰ শালকোচাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী ফণীভূষণ চৌধুৰী কথমপি ৰক্ষা পৰিল ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত মিত্ৰদল বিজেপি, এজিপি আৰু ইউপিপিএলে লাভ কৰিব ৪০ খন আসন- এই মন্তব্য মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ৷

election campign
সভাৰ মাজতে হঠাৎ মঞ্চৰ পৰা বগৰিল ফণী ভূষণ চৌধুৰী

পূৱ বিলাসীপাৰা,28 মাৰ্চ: শনিবাৰে ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰিল ৷ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে সাজু হৈছে ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকল ৷ প্ৰাৰ্থীসকলে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ শনিবাৰে বিলাসীপাৰা পূৱ সমষ্টিৰ চাপৰৰ শালকোচাত বিজেপি বিধায়ক অশোক কুমাৰ সিংঘীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অগপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

সভাৰ মাজতে মঞ্চৰ পৰা বাগৰিল ফণীভূষণ চৌধুৰী

শনিবাৰে অশোক কুমাৰ সিংঘীৰ এই নিৰ্বাচনী সভাখন গীত-মাতে জীপাল হৈ পৰিল ৷ গীত-নৃত্য দেখি ৰ’ব নোৱাৰিলে মন্ত্ৰী গৰাকীয়ে ৷ সেয়ে মঞ্চৰ পৰা তললৈ নামি নৃত্য উপভোগ কৰিব বিচাৰিছিল যদিও মঞ্চৰ উচ্চতা বেছি হোৱাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই মাটিত বাগৰি পৰে অগপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ কেৱল অগপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে নহয়, মঞ্চৰ পৰা নামোতে নিয়ন্ত্ৰণ হেৰুৱাই মাটিত বাগৰি পৰাৰ উপক্ৰম হৈছিল বিজেপি বিধায়ক অশোক কুমাৰ সিংঘীয়েও ৷

লগতে পঢ়ক: ৰাজহুৱা অনুষ্ঠানত নিষেধাজ্ঞা তেলেংগানা চৰকাৰৰ

Last Updated : Mar 28, 2021, 7:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.