ধুবুৰী, 6 ছেপ্টেম্বৰ : যোৱা তিনি দিনে সন্ধানহীন হৈ আছে ধুবুৰীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী । ব্যৱসায়ী জনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়েও । সম্প্ৰতি পৰিয়ালে সন্দেহ কৰা মতে, ব্যৱসায়ী গৰাকীক অপহৰণৰ কৰা হৈছে । উল্লেখযোগ্য যে, যোৱা চাৰি ছেপ্টেম্বৰৰ পুৱা প্ৰাতঃ ভ্ৰমণৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই সন্ধানহীন হৈ আছে ধুবুৰীৰ বাবৰ আলী নামৰ প্ৰতিষ্ঠিত ব্যৱসায়ী গৰাকী । সন্ধানহীনতাৰ তিনিদিন উকলিল যদিওঁ লোকজনৰ কোনো শুংসূত্ৰ লাভ কৰা নাই ধুবুৰী আৰক্ষীয়ে । ইপিনে, বাবৰ আলী হঠাৎ সন্ধানহীন হোৱাৰ পিছত পৰিয়ালৰ লোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো বিচাৰ খোচাৰ কৰিছে যদিও কোনো তথ্য লাভ কৰা নাই ৷ ফলত কোনোবা দুস্কৃতিকাৰীয়ে আলীক অপহৰণ কৰিছে বুলি এতিয়া সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ।
আনহাতে, পৰিয়ালৰ লোকে অপহৰণ হোৱা বুলি দাবী কৰিলেও আজি তিনিদিনে কোনেও ধনদাবী কৰি ফোন কৰা নাই পৰিয়ালক । যাৰ ফলত অধিক চিন্তিত হৈ পৰিছে পৰিয়ালটো ।
উল্লেখ্য যে, ধুবুৰী চহৰৰ ৯ নং ৱাৰ্ডৰ বিদ্যাপাৰা অঞ্চলৰ বাসিন্দা বাবৰ আলীৰ ধুবুৰী চহৰতে এখন ইছলামিক সামগ্ৰী আৰু কিতাপৰ দোকান আছে । ইয়াৰোপৰি বাংলাদেশৰ সৈতে ইমপৰ্ট এক্সপোৰ্টৰো ব্যৱসায় কৰে আলীয়ে । পৰিয়ালৰ মতে, ব্যৱসায় সূত্ৰে কাৰো লগত শত্ৰুতা নাই আলীৰ ৷ ইফালে, যদি কোনোবাই বাবৰ আলীক অপহৰণ কৰিছে, তেন্তে তেওঁক সুস্থ শৰীৰে উভতাই দিবলৈ বিনম্ৰতাৰে আবেদন জনায় আলীৰ পুত্রই । আনকি যদি বাবৰ আলীয়ে নিজেও কোনো ঠাইত আত্মগোপন কৰি আছে, তেন্তে দেউতাকক ঘৰলৈ উভতি আহিবলৈকো এতিয়া কাতৰ আহ্বান জনাইছে তেওঁৰ পুত্ৰই ।
লগতে পঢ়ক : জিলাই জিলাই বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদ AJYCP ৰ