ETV Bharat / state

৩৫ বছৰে পৰিত্যক্ত অৱস্থাত লক্ষীগঞ্জ খোৱাপানী যোগান আঁচনি

৩৫ বছৰে পৰিত্যক্ত অৱস্থাত বিলাসীপাৰা উপ-সংমণ্ডলৰ অধীনস্থ লক্ষীগঞ্জ খোৱা পানী যোগান আঁচনি ৷ নৈ, খাল, বিলৰ পানী ব্যৱহাৰ কৰিবলগীয়া হোৱাত অঞ্চলবাসী ৰাইজ বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ ৷ আঁচনি পুনৰ মুকলি কৰিবলৈ চৰকাৰক আবেদন স্থানীয় ৰাইজৰ ৷

drinking-water-supply-scheme-abandoned-for-last-35-years
৩৫ বছৰে পৰিত্যক্ত লক্ষীগঞ্জ খোৱা পানী যোগান আঁচনি
author img

By

Published : Jun 11, 2021, 10:18 PM IST

বিলাসীপাৰা, 11 জুন: ধোঁৱাচাঙত পৰিণত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসীপাৰা উপ-সংমণ্ডলৰ অধীনস্থ লক্ষীগঞ্জ খোৱা পানী যোগান আঁচনি ৷ বিগত ৩৫ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে এই বিশুদ্ধ খোৱা পানী যোগান আঁচনি ৷ সম্প্ৰতি বন, জংঘল আদিয়ে আৱৰি ধৰাত ফুলদানিত পৰিণত হৈছে লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা লক্ষীগঞ্জ খোৱা পানী যোগান আঁচনি ৷

৩৫ বছৰে পৰিত্যক্ত লক্ষীগঞ্জ খোৱা পানী যোগান আঁচনি

যাৰ ফলস্বৰূপে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানী যোগানৰ পৰা বঞ্চিত হ’বলগা হৈছে অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ জনসাধাৰণ ৷ অভিযোগ অনুসৰি, ১৯৮৫ চনতে স্থাপন কৰা পানী যোগান আঁচনিখন এবছৰ পাচতে বিকল হৈ পৰে ৷ উল্লেখ্য যে, আঁচনিখন পুনৰ মুকলি কৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই ৷

drinking-water-supply-scheme-abandoned-for-last-35-years
৩৫ বছৰে পৰিত্যক্ত লক্ষীগঞ্জ খোৱা পানী যোগান আঁচনি

অঞ্চলবাসীয়ে নৈ, খাল, বিলৰ পানী ব্যৱহাৰ কৰিবলগীয়া হোৱাত বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ আশাত এতিয়া অঞ্চলটোৰ ৰাইজে আঁচনি পুনৰ মুকলি কৰিবলৈ স্থানীয় বিধায়কৰ লগতে নৱগঠিত চৰকাৰখনক আহ্বান জনাইছে ৷

লগতে পঢ়ক:উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.