ধুবুৰী, 2ডিচেম্বৰ : ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰত অনুষ্ঠিত হয় গুৰু টেগ বাহাদুৰৰ ৩৪৪ তম শ্বহীদ দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় তিনিদিনীয়া শিখ মেলা । দেশৰ ভিন্ন প্ৰান্তৰ পৰা এই মেলালৈ লক্ষাধিক ভক্তৰ সমাগম ঘটে ৷ ধুবুৰী পৌৰসভাৰ সন্মুখত থকা ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত প্ৰায় এহেজাৰ খন বিপনী বহুৱাইছে শিখ ধৰ্মীয় ব্যৱসায়ী সকলে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শিখ ধৰ্মীয় ব্যৱসায়ী সকলে বিপনী খুলিছে এই মেলাত ৷
ধুবুৰী পৌৰসভাই লুণ্ঠনৰাজ চলাইছে বুলি অভিযোগ শিখ ব্যৱসায়ী সকলৰ ৷ তেওঁলোকৰ মতে আন ঠাইতকৈ সম্পূৰ্ণ ব্যতিক্ৰম ধুবুৰী কিয়নো আন ঠাইত বিপনীৰ নামত দিব নালাগে কোনো টকা ৷ বিপনীৰ সমূহে প্ৰতি এক বৰ্গ স্কোৱাৰফুটত ধুবুৰী পৌৰসভাৰ এটা দালাল চক্ৰক দিব লগা হৈছে 150 টকা ৷ এখন বিপনীৰ বাবদ এই সকল ব্যৱসায়ীয়ে 1200 টকাৰ পৰা 3000 হাজাৰ টকা পৰ্যন্ত দিব লগীয়া হৈছে দালাল চক্ৰক ৷ সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত বিৱৰি ক্ষোভ প্ৰকাশ কৰিলে শিখ ব্যৱসায়ীসকলে ।
উল্লেখ্য যে, বিপনীৰ বাবদ পৌৰসভাৰ দালাল চক্ৰটোৱে লাখ লাখ টকা আদায় লোৱাৰ সময়ত ৰচিদত নাই কোনো পৌৰসভাৰ নাম অথবা ছীল । দালাল চক্ৰটোৱে ধুবুৰী পৌৰসভাৰ কথা কৈ সম্পূৰ্ণ অবৈধ ভাৱে সংগ্ৰহ কৰিছে লাখ লাখ টকা । এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ নহ'লেও সচেতন মহলত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
আৰু পঢ়ক : উগ্ৰপন্থীৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত এজন