ধুবুৰীৰ,6ছেপ্তেম্বৰঃ শনিবাৰে নিশাৰে পৰা ধাৰাসাৰ বৰষুণ অব্যাহত আছে ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চলত । তেনে সময়তে ধুবুৰীৰ গৌৰীপুৰত এক ভয়ংকৰ ঘটনা সংগঠিত হৈছে । প্ৰৱল বৃষ্টিপাতৰ ফলত আলমগঞ্জ নৱম খণ্ডত অৱস্থিত কেন্দ্ৰীয় জৱাহৰ নৱোদয় বিদ্যালয়ৰ নিৰ্মীয়মান চাৰিবেৰৰ দেৱাল খহি ওচৰত থকা কৰিম আলীৰ নামৰ লোকজনৰ ঘৰৰ ওপৰত পৰে । ফলত বাসগৃহটোত থকা কৰিম আলীৰ পুত্ৰ তথা স্কুলীয়া ছাত্ৰ ৰমজান আলী (১৪)ৰ মৃত্যু হয় ।
আনহাতে কৰিম আলীৰ পত্নী গুৰুতৰভাৱে আহত হোৱাত সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰা হৈছে । উল্লেখযোগ্য যে, গুৱাহাটীৰ Birwel নামৰ কোম্পানীটোৱে চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণ কৰি আছিল যদিও ঠিকাদাৰ আৰু অভিযন্তাগৰাকীৰ চৰম হেমাহি আৰু গাফিলতিৰ বাবে এই ঘটনা সংগঠিত হ’ল বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে ।
উল্লেখযোগ্য যে,নীতি বৰ্হিঃভূতভাৱে পকী দেৱাল নিৰ্মাণ কৰাৰ ফলত এই মৰ্মান্তিক ঘটনাটো সংগঠিত হ’ল বুলি ৰাইজে গুৱাহাটীৰ Birwel কোম্পানীটোক দোষাৰোপ কৰাৰ লগতে কোম্পানীটোওে ইয়াৰ উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে ।
লগতে পঢ়কঃ গৰিয়া বিলত সমূহীয়া মাছ ধৰা উৎসৱ