ETV Bharat / state

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ মাজত বিপজ্জনক অৱস্থাত এটা বিশাল অট্টালিকা - দেৱাঞ্জলী ৰেষ্টুৰেণ্টৰ অট্টালিকা

পৃথিৱীৰ ভিতৰতে ভূমিকম্প প্ৰৱণ অঞ্চলত আছে ধুবুৰী । নৰ্থ ইষ্ট ফাইভ জ'নত আছে ধুবুৰী । সেয়ে যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদৰ সন্মুখীন হব পাৰে ধুবুৰী । কিন্তু এইলৈ দুৰ্যোগ প্ৰশমন বিভাগ চিন্তিত হলেও ৰহস্যজনক ভাবে নিদ্ৰাৰত জিলা প্ৰশাসন । এই সন্দৰ্ভত চাঁওক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ মাজত বিপজ্জনক অৱস্থাত এটা বিশাল অট্টালিকা
author img

By

Published : Sep 8, 2019, 6:08 PM IST

ধুবুৰী, 8 ছেপ্তেম্বৰ : ভূমিকম্প আহিলেই সাৱধান ধুবুৰীবাসী । কাৰণ ৮ ৰিকটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি আহিলেই নিশ্চিত বিপদ আহিব পাৰে ধুবুৰীৰ বাবে । কাৰণ ধুবুৰী নৰ্থ ইষ্ট ফাইভ জ'নত থকাৰ বিপৰীতে পৃথিৱীৰ ভিতৰতে ভূমিকম্প প্ৰৱণ অঞ্চলত আছে ধুবুৰী । এই কথা উল্লেখ কৰিছে ধুবুৰী জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ প্ৰকল্প বিষয়া মফাৰজল সৰকাৰে । কিন্তু আচৰ্যজনক যে ধুবুৰীত এক বা দুই মহলীয়া নহয়, মহাবহুৰ বুকু খান্দি ছয় মহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ গভীৰ জলভাগত ৷ এই বিশাল অট্টালিকাটো হৈছে দেৱাঞ্জলী ৰেষ্টুৰেণ্টৰ অট্টালিকা ৷ এতিয়া প্ৰশ্ন হয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ভূমিকম্প প্ৰৱণ অঞ্চলত থাকিও এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ জলভাগত ছয় মহলীয়া অট্টালিকা নিৰ্মাণৰ অনুমতি কোনে দিলে আৰু কেনেকৈ দিলে? কিন্তু এই বিষয়ে বৰ্তমান মুখ খুলিব বিচৰা নাই অট্টালিকা নিৰ্মাণৰ সেউজ সংকেত দিয়া জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাই ।

ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলধাৰাৰ মাজত বিপজ্জনক অৱস্থাত এটা বিশাল অট্টালিকা
ইপিনে উক্ত ঘটনা সন্দৰ্ভত সংবাদ মানধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত জিলা উপায়ুক্ত জ্ঞানীয়ে ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে অতিৰিক্ত উপায়ুক্ত তথা ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনুপ কুমাৰ ব্ৰহ্মক । এই বিষয়ত প্ৰতিক্ৰিয়া লোৱাৰ বাবে উপস্থিত হৈছিল আমাৰ সাংবাদিক ৷ কিন্তু ৰহস্যজনক যে সংবাদ মাধ্যমত হেনো মুখ খুলিব নোৱাৰে বিষয়া গৰাকীয়ে ৷ উল্লেখযোগ্য যে, ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ নাকৰ তলতেই ব্ৰহ্মপুত্ৰৰ পাৰৰ জলভাগত ছয় মহলীয়া অট্টালিকা নিৰ্মাণৰ পিছতো নীৰৱ হৈ আছে উপায়ুক্ত গৰাকী ৷

Intro:পৃথিৱীৰ ভিতৰত আটাইতকৈ ভূমিকম্প প্ৰৱণ অঞ্চলত আছে ধুবুৰী। নৰ্থ ইষ্ট ফাইভ জোনত আছে ধুবুৰী। সেয়ে যিকোনো মুহূৰ্তত ভয়ংকৰ বিপদৰ সন্মুখীন হব পাৰে ধুবুৰী। কিন্তু এইলৈ দুৰ্যোগ প্ৰসমন বিভাগ চিন্তিত হলেওঁ ৰহস্যজনক ভাবে নিদ্ৰাত ব্যস্ত জিলা প্ৰশাসন। কিন্তু কেনেকৈ ? চাওঁ আহক ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।

Body:

হয়, ভূমিকম্প আহিলেই সাৱধান ধুবুৰীবাসী। কাৰণ ৮ ৰিকটাৰ স্কেলত ভূমিকম্পৰ জোকাৰণি আহিলেই নিশ্চিত বিপদ আহিব পাৰে ধুবুৰীৰ বাবে। কাৰণ ধুবুৰী নৰ্থ ইষ্ট ফাইভ জোনত থকাৰ বিপৰীতে পৃথিৱীৰ ভিতৰত আটাইতকৈ ভূমিকম্প প্ৰৱণ অঞ্চলত আছে ধুবুৰী। এয়া আমাৰ কথা নহয়। এই কথা উল্লেখ কৰিছে ধুবুৰী জিলা দুৰ্যোগ প্ৰসমন বিভাগৰ প্ৰকল্প বিষয়া মফাৰজল সৰকাৰে। প্ৰথমতে শুনক কি কয় বিষয়া গৰাকীয়ে।

Byte:- (04) মফাৰজল সৰকাৰ, প্ৰকল্প বিষয়া, ধুবুৰী।

হয়, ঠিকেই শুনিছে। যিকোনো মুহূৰ্তত ভয়াৱহ বিপদৰ সন্মুখীন হব পাৰে ধুবুৰীবাসী। পিছে এই দৃশ্যলৈ মন কৰক। ধুবুৰীৰ মহাবহু ব্ৰহ্মপুত্ৰৰ পাৰত কিদৰে পানীৰ মাজতে গঢ়ি উঠিছে দেৱাঞ্জলী ৰেষ্টুৰেণ্ট নামৰ বিশাল অট্টালিকাখন। এক বা দুই মহলীয়া নহয়। মহাবহুৰ বুকু খান্দি ছয় মহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰৰ গভীৰ জলভাগত। দেৱাঞ্জলী ৰেষ্টুৰেণ্টত আছে থকা আৰু খোৱাৰ সু ব্যৱস্থা। প্ৰশ্ন হয়, পৃথিৱীৰ ভিতৰত আটাইতকৈ ভূমিকম্প প্ৰৱণ অঞ্চলত থাকিও এইদৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ জলভাগত ছয় মহলীয়া অট্টালিকা নিৰ্মাণৰ অনুমতি কোনে দিলে আৰু কেনেকৈ দিলে। এই বিষয়ে বৰ্তমান মুখ খুলিব বিচৰা নাই ৰহস্যজনক ভূমিকাত থাকি অট্টালিকা নিৰ্মাণৰ সেউজ সংকেত দিয়া জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাই। ইপিনে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত জিলা উপায়ুক্ত জ্ঞানীয়ে ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে এইজন অতিৰিক্ত উপায়ুক্ত তথা ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনুপ কুমাৰ ব্ৰহ্মক। ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া ব্ৰহ্মৰ পৰা এই বিষয়ত প্ৰতিক্ৰিয়া লোৱাৰ বাবে উপস্থিত হৈছিল আমাৰ সাংবাদিক। কিন্তু সংবাদ মাধ্যমত হেনো মুখ খুলিব নোৱাৰে ৰহস্যময়ী বিষয়া গৰাকীয়ে। উল্লেখযোগ্য যে, ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ নাকৰ তলতেই ব্ৰহ্মপুত্ৰৰ পাৰৰ জলভাগত ছয় মহলীয়া অট্টালিকা নিৰ্মাণৰ পিছতো কিয় নীৰৱ জিলাখনৰ মুৰব্বীৰ আসনত বহা এইজন জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে।
আচলতে ভূমিকম্পৰ আটাইতকৈ বেছি প্ৰৱণ অঞ্চলত থকা ধুবুৰীত অট্টালিকা নিৰ্মাণ কৰিবলৈ হলে কি কি নিয়ম মানিব লাগে। শুনক এই সন্দৰ্ভত কি কয় দুৰ্যোগ প্ৰসমন বিভাগৰ প্ৰকল্প বিষয়া মফাৰজল সৰকাৰে।

Byte:-(03) মফাৰজল সৰকাৰ, প্ৰকল্প বিষয়া, ধুবুৰী।

Conclusion:এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এইখন অট্টালিকানিৰ্মাণৰ বাবে লোৱা হৈছিল নেকি বৈধ অনুমতি। অট্টালিকা নিৰ্মাণৰ পূৰ্বে কৰা হৈছিল নেকি Soil টেষ্ট। সেয়াই এই মুহূৰ্তত এক বৃহৎ প্ৰশ্ন। যদিওঁ জিলা প্ৰশাসনৰ তদন্তৰ গতি কোন দিশে গতি কৰে সেয়াই লক্ষণীয় বিষয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.