ETV Bharat / state

বৃটিছে ধন দিয়া ধুবুৰীৰ ৰাণী ভিক্টোৰিয়া পার্ক কেনে আছে ?

author img

By

Published : Mar 12, 2020, 6:07 PM IST

ঐতিহাসিক ধুবুৰী চহৰ। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে ধুবুৰীক অধিক গুৰুত্ব বৃটিছ চৰকাৰে। কিন্তু বৰ্তমান চৰকাৰৰ দিনত ক্ৰমাৎ যেন গুৰুত্বহীন হৈ পৰিছে ধুবুৰী চহৰ। অৱহেলিত হৈ আছে ধুবুৰী। চহৰ খনত আছে পাঁচ খনকৈ পার্ক। ব্ৰিটিছ চৰকাৰে বৰ্তমানেও অনুদান দিয়ে ধুবুৰীৰ এখন পাৰ্কৰ উন্নয়নৰ বাবে। কিন্তু কাগজে পত্ৰতহে চলিছে পার্ক কেইখনৰ উন্নয়ন।

বৃটিছে ধন দিয়া ধুবুৰীৰ ৰাণী ভিক্টোৰিয়া পার্ক আজি অৱহেলিত

ধুবুৰী,12 মাৰ্চঃ দেশ স্বাধীন হোৱাৰ পূৰ্বে বৃটিছ চৰকাৰৰ দিনত অধিক গুৰুত্ব লাভ কৰা ঐতিহাসিক ধুবুৰী চহৰখন এতিয়াও বিশ্বৰ বুকুত এক চিনাকি নাম। কিন্তু ঐতিহাসিক ধুবুৰী চহৰ খনৰ উন্নয়নত গুৰুত্ব নাই বৰ্তমান চৰকাৰ তথা জিলা প্ৰশাসনৰ। ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ধুবুৰী চহৰখনত আছে পাঁচ খনকৈ পার্ক। ইয়াৰে ভিতৰত আছে চিলাৰায় আৰু নেতাই ধুবুনী পার্ক,ৰাজীৱ গান্ধী শিশু উদ্যান,ভূপেন হাজৰিকা গোলাপ উদ্যান,ৰাণী ভিক্টোৰিয়া পার্ক আৰু শংকৰদেৱ শিশু উদ্যান। কিন্তু কেৱল কাগজে কলমেহে চলিছে পাৰ্কৰ উন্নয়নৰ খতিয়ান।

DHUBRI SPECIAL PARK STORY ETV BHARAT ASSAM REPORT
ক্ৰমাৎ জহি খহি যোৱা ধুবুৰীৰ এখন উদ্যানৰ দৃশ্য
শংকৰদেৱৰ নামেৰে নামকৰণ কৰা এখন শিশু উদ্যান। সত্তৰৰ দশকৰ এইখন শংকৰদেৱ শিশু উদ্যান প্ৰথমাৱস্থাত উন্নয়নৰ কিছু গতি লাভ কৰিছিল যদিও কাল ক্ৰমত যেন জহি খহি পৰিল শিশু উদ্যানখনৰ ঐতিহ্য। কিছু বছৰ পূৰ্বে উদ্যান খনত এখন মঞ্চ ধুবুৰী পৌৰসভাই প্ৰদান কৰিছিল মেলা কমিটিক। সেইখিনি লৈকে ঠিকেই আছিল যদিও ধুবুৰী পৌৰসভাই সুদীৰ্ঘ বছৰৰ পৰা উদ্যানখনত ব্যৱসায় চলাই অহাৰ অভিযোগ। প্ৰতিদিনে বিভিন্ন বিবাহ অনুষ্ঠানৰ বাবে ভাড়া হিচাপে দি আহিছে এই উদ্যানখন । কেৱল এয়াই নহয় উদ্যানখনক একপ্ৰকাৰ গেৰেজ হিচাপে ব্যৱহাৰ কৰিছে ধুবুৰী পৌৰসভাই। যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে ধুবুৰীৰ সচেতন মহল।
বৃটিছে ধন দিয়া ধুবুৰীৰ ৰাণী ভিক্টোৰিয়া পার্ক কেনে আছে ?
একেদৰে ধুবুৰীৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নেতাই ধুবুনী ঘাট আৰু চিলাৰায় পাৰ্কৰ অৱস্থা তেনেই দুখ লগা। কোনো ধৰণৰ আন্তঃগাঁথনিৰ উন্নয়ন নোহোৱা পাৰ্ক খনত নাই শিশু সকলৰ বাবে পৰ্যাপ্ত মনোৰঞ্জনৰ সা-সৰঞ্জাম। ঠায়ে জহি খহি গৈছে পাৰ্কখনৰ এটা অংশ। ইয়াৰ মাজতেই কিছু সংখ্যক শিশুৱে খেল ধেমালিৰ মাজেৰে সময় কটাব বিচাৰে যদিও সেয়া হৈ নুঠিল । তাতোকৈ ডাঙৰ কথা যে,নিশা হোৱাৰ লগে লগে অন্ধকাৰে আৱৰি ধৰা পাৰ্কখনত চলে অসামাজিক কাৰ্যকলাপ ৷ সমান্তৰাল ভাৱে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ৰাজীৱ গান্ধী শিশু উদ্যানত চলিছে চৰম ৰাজকতা। প্ৰথমে প্ৰতিগৰাকী লোকৰ বাবে পাঁচ টকাকৈ প্ৰৱেশ মূল্য লোৱা হৈছিল যদিও হঠাৎ পাঁচ টকাৰ পৰিৱৰ্তে দহ টকালৈ বৃদ্ধি কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।

কদৰ্যময় পৰিৱেশত থকা ধুবুৰীৰ এখন উদ্যানৰ দৃশ্য

ইপিনে ২০১৪ চনত ধুবুৰী জিলা উপায়ুক্তৰ আৱাসগৃহৰ আৰু বন বিষয়াৰ আৱাসগৃহৰ মাজত থকা বৃটিছ যুগৰ এটা পথ বন্ধ কৰি সুধাকণ্ঠ ডo ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা গোলাপ উদ্যান নিৰ্মাণ কৰা হয়। বিয়লিৰ ভাগত বয়োজ্যেষ্ঠ নাগৰিক সকলৰ বাবে গঢ় দিয়া এইখন গোলাপ উদ্যানে আজিও মুক্তিৰ দিন দেখা নাপালে । প্ৰথমাৱস্থাৰ পৰা পৃথক পৃথকে কেইবালাখ টকা খৰচ কৰা হৈছিল যদিও সকলো ফুটুকাৰ ফেনতহে পৰিণত হ'ল ৷

ধুবুৰীৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা উদ্যান

কেৱল এয়াই নহয়। ধুবুৰীৰ এখন পাৰ্কৰ উন্নয়নৰ বাবে বৰ্তমানেও অনুদান আগবঢ়ায় আহিছে বৃটিছ চৰকাৰে। যআক কোৱা হয় ৰাণী ভিক্টোৰিয়া পাৰ্ক দৰাচলতে বৃটিছৰ দিনত ১৯০৫ চনত ব্ৰিটেইনৰ পৰা ভাৰতলৈ অনা হৈছিল ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়াৰ দুটাকৈ সম্পূৰ্ণ প্ৰতিমূৰ্তি। ইটালিয়ান শ্বেত মাৰ্বলেৰে বিশেষভাৱে নিৰ্মাণ কৰা ৰাণী ভিক্টোৰিয়াৰ দুটাকৈ পূৰ্ণাংগ প্ৰতিমূৰ্তি ফ্ৰান্সে ব্ৰিটিছক উপহাৰ হিচাপে দিছিল ৷ তাৰে এটা প্ৰতিমূৰ্তি পুনেত স্থাপন কৰা হয় আৰু আনটো ধুবুৰীত স্থাপন কৰা হৈছিল। বৃটিছৰ দিনত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে ধুবুৰীক ব্যৱহাৰ কৰি উদ্যোগ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল । সেইবাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত থকা ধুবুৰী চহৰৰ তেতুলতলাত ১৯০৫ চনত স্থাপন কৰা হৈছিল ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি। তাৰ পিছৰ পৰাই এইখন পাৰ্কৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বৃটিছ চৰকাৰে বৰ্তমানেও আগবঢ়ায় আহিছে অনুদান। জানিব পৰামতে কিছুদিন পূৰ্বেও পাঁচ লাখ টকাৰ এক অনুদান বৃটিছ চৰকাৰে আগবঢ়াইছিল যদিও সেই ধন ক'ত খৰচ কৰা হ'ল তাৰো কোনো হিচাপ নাই ৷

উল্লেখযোগ্য যে, জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাৰ লগতে একাংশ ব্যৱসায়িক লোকৰ ৰহস্যজনক ভূমিকাৰ বাবেই আজি ধুবুৰীৰ উন্নয়ন স্থবিৰ হোৱাৰ কথা প্ৰকাশ কৰিছে স্থানীয় ৰাইজ তথা দল সংগঠনে ৷

লগতে চাওকঃ

হঠাতে অসুস্থ হৈ পৰে কণ্ঠশিল্পী বিপিন চাওদাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.