ETV Bharat / state

ধুবুৰীত এনআৰচিক লৈ ক্ষোভ প্ৰকাশ জনগোষ্ঠীয় জাতীয় সংসদৰ - dhubri press meet nrc

ধুবুৰী সাহিত্য সভা ভৱনৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেল ৷ সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ এনআৰচিক লৈ অসন্তোষ প্ৰকাশ ৷

ধুবুৰী সাহিত্য সভা ভৱনৰ সভাকক্ষত দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সংবাদমেল
author img

By

Published : Sep 1, 2019, 11:43 PM IST

Updated : Sep 1, 2019, 11:51 PM IST

ধুবুৰী,1 ছেপ্তেম্বৰ: দেওবাৰে ধুবুৰী সাহিত্য সভা ভৱনৰ সভাকক্ষত আবেলি এখন সংবাদমেল অনুষ্ঠিত কৰি দেশী জনগোষ্ঠীয় একাংশ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে বুলি অভিযোগ উত্থাপন কৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সভাপতি এনামূল হকে । জাতীয় সংসদৰ সভাপতি গৰাকীয়ে অসম চুক্তিৰ ছয় নং দফা অনুসৰি দেশী মানুহখিনিক অন্তৰ্ভুক্ত কৰি ৰক্ষাকৱচ প্ৰদান কৰিব লাগে বুলিও দাবী উত্থাপন কৰে । জনগোষ্ঠীয় লোকসকলক প্ৰব্ৰজনকাৰীৰ সৈতে একাকাৰ কৰাত ক্ষোভ প্ৰকাশ কৰি পৰৱৰ্তী সময়ত আন্দোলনৰ পথ লোৱাৰ উপৰি প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও ইংগিত দিয়ে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সভাপতিগৰাকীয়ে ৷ বিভিন্ন দল সংগঠনে এনআৰচিক লৈ অসন্তোষ প্ৰকাশ কৰাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ে কি স্থিতি গ্ৰহণ কৰিব সেয়া অতি তাৎপৰ্য্যপূৰ্ণ হ’ব ৷

সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ এনআৰচিক লৈ অসন্তোষ প্ৰকাশ

Intro:এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই চৌদিশে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা ঘটিছে বহিঃপ্ৰকাশ। আজি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ ফালৰ পৰাও এক সংবাদমেলৰ আয়োজন কৰি প্ৰকাশ কৰিলে অসন্তোষ্টি। উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ ইংগিত দিলে জনগোষ্ঠীয় জাতীয় সংসদ অসমে।

Body:বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকালৈ আশা আছিল অসমৰ সকলো দল সংগঠনৰ। কিন্তু সকলোৰে আশাত পৰিল চেঁচা পানী। যোৱা কালিৰে পৰা অসমৰ বিভিন্ন দল সংগঠনৰ ফালৰ পৰা এন আৰ চি লৈ তীব্ৰ অসন্তোষ্টি প্ৰকাশ কৰাৰ পিছত আজি অসন্তোষ্টি প্ৰকাশ কৰি এন আৰ চি খন ত্ৰুটিপূৰ্ণ এন আৰ চি বুলি দাবী কৰিলে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমে। আজি ধুবুৰী সাহিত্য সভা ভৱনৰ সভাকক্ষত আবেলিৰ ভাগত এখন সংবাদমেল অনুষ্ঠিত কৰি দেশী জনগোষ্ঠীয় একাংশ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিছে বুলি অভিযোগ উত্থাপন কৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সভাপতি এ, এ, এম, এনামূল হকে। ইপিনে তৰুণ গগৈ চৰকাৰৰ দিনত আৰম্ভ হোৱা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত কোনো এখন চৰকাৰে নিজৰ কৰিবলগীয়া দায়িত্ব পালন কৰা নাই বুলি অভিযোগ উত্থাপন কৰা হয় আজিৰ সংবাদমেলত। জাতীয় সংসদৰ সভাপতি গৰাকীয়ে লগতে কয়ঃ অসম চুক্তিৰ ছয় নং দফা অনুসৰি আমাৰ দেশী মানুহ খিনিক অন্তৰ্ভুক্ত কৰি আমাক ৰক্ষা কৱজ প্ৰদান কৰিব লাগে। লগতে জনগোষ্ঠীয় লোক সকলক প্ৰব্ৰজনকাৰীৰ সৈতে একাকাৰ কৰাত ক্ষোভ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে। ইপিনে পৰৱৰ্তী সময়ত আন্দোলনৰ পথ লোৱাৰ উপৰি প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও ইংগিত দিয়ে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সভাপতি এ,এ,এম, এনামূল হকে। Byte:- এ,এ,এম, এনামূল হক, সভাপতি, সদৌ অসম জনগোষ্ঠীয় জাতীয় সংসদ, অসম।।

Conclusion: উল্লেখযোগ্য যে, কেৱল দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমেই নহয় ৰাজ্যৰ বিভিন্ন দল সংগঠনে এন আৰ চি লৈ অসন্তোষ্টি প্ৰকাশ কৰাৰ পিছত এতিয়া উচ্চতম ন্যায়ালয়ে কি স্থিতি গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয় বিষয়। ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।
Last Updated : Sep 1, 2019, 11:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.