পূব বিলাসীপাৰা, 25 আগষ্টঃ দেওবাৰে পুৱা পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰৰ চম্পাৱতী নৈত ওপঙি থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলা গৰাকীৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি নৈত পেলাই থৈ যায়৷ মহিলাগৰাকীৰ মূখ মণ্ডলত আঘাতৰ চিন স্পষ্টকৈ পৰিলক্ষিত হৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত বইটামাৰী আৰক্ষী উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷