ETV Bharat / state

অসম পৰ্যটনৰ নামত কোটি টকা,কি অৱস্থাত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ !

author img

By

Published : Nov 21, 2019, 4:58 PM IST

অসম পৰ্যটনৰ নামত অসম চৰকাৰে ব্যয় কৰিছে কোটি টকা ৷ কিন্তু কি অৱস্থাত আছে ৰাজ্য পৰ্যটন ক্ষেত্ৰসমূহ...

অসমৰ পৰ্যটন ক্ষেত্ৰ

ধুবুৰী, 21 নৱেম্বৰঃ মহবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক ধুবুৰী চহৰ। বহু পুৰণি ৰজাদিনীয়া আৰু ব্ৰিটিছৰ ঐতিহাসিক সম্পদসমূহৰে জিলিকি আছে চহৰখন ৷ এই সম্পদ সমূহৰ ভিতৰত অন্যতম ভিক্টোৰিয়া পাৰ্ক ৷ 1905 চনতে ব্ৰিটেইনৰ পৰা ভাৰতলৈ অনা হৈছিল ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়াৰ দুটাকৈ সম্পূৰ্ণ প্ৰতিমূৰ্তি । ইয়াৰে এটা পুণেত আৰু আনটো প্ৰতিমূৰ্তি ধুবুৰীত প্ৰতিষ্ঠা কৰা হৈছিল ৷ ব্ৰিটিছৰ আমোলত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰত ধুবুৰী চহৰক বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল ৷ ইয়াৰ ফলস্বৰূপে ধুবুৰী চহৰৰ তেতুলতলাত ১৯০৫ চনত স্থাপন কৰা হৈছিল ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি । কিন্তু ৰাজ্য চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে সম্প্ৰতি মৃত্যু মুখলৈ গতি কৰিছে পাৰ্কখন ৷ বছৰৰ প্ৰায় 365 দিনেই তলা ওলমি থাকে পাৰ্কখনত ৷ নিশা হ'লেই পাৰ্কখনত চলে সুৰা আৰু জুৱাৰ আড্ডা ৷

কি অৱস্থাত ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ

16শ শতিকাত চহৰখনত স্থাপন হৈছিল পাঁচ পীৰ দৰগাহ আৰু শিখ ধৰ্মৰ নৱমগুৰু গুৰু টেগ বাহাদুৰৰ গুৰুদ্বাৰ। ইতিহাসৰ সাক্ষ্য বহন কৰি মহাবাহুৰ পাৰত তেতিয়াৰ যুগৰ পৰাই জিলিকি আছে নেতাই ধুবুনী ঘাট ৷ কিন্তু এই সম্পদ সমূহৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নাই পৰ্যটন নিগমৰ ৷ ইমানৰ পাচতো পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য-অসম পৰ্যটনৰ ক্ষেত্ৰখনত আন্তঃগাথনি উন্নয়নৰ কোনো প্ৰয়োজন নাই ৷

লগতে পঢ়কঃ চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী

Intro:মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক ধুবুৰী চহৰ। চহৰখনত আছে বহু পুৰণি ৰজাদিনীয়া আৰু ব্ৰিটিছৰ যুগৰ ঐতিহাসিক সম্পদ। কিন্তু ৰাজ্যৰ বিয়াগোম পৰ্য্যটনৰ বিভাগৰ মানচিত্ৰ আজিও অন্তৰ্ভুক্ত নহল ধুবুৰী চহৰ। বিভিন্ন সময়ত বিদেশী পৰ্য্যটকৰ আগমন হয় ধুবুৰী চহৰখনত। অসমৰ পৰ্য্যটন বিভাগৰ দুখ নালাগিলেও তেনে ইতিহাস প্ৰসিদ্ধ সমল তথা সম্পদ বোৰৰ দুৰৱস্থা দেখি দুখ পায় বিদেশী পৰ্য্যটকে। শেহতীয়াকৈ দেশ স্বাধীন হোৱাৰ বহু পূৰ্বে স্থাপন হোৱা একমাত্ৰ ভিক্টোৰিয়া পার্কখনে চৰকাৰ তথা প্ৰশাসনৰ অৱহেলাৰ বাবে আজি মৃত্যু মুখলৈ গতি কৰিছে।

Body:

মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত যুগ যুগান্তৰ পৰা জিলিকি আছে ঐতিহাসিক ধুবুৰী চহৰৰ ঐতিহ্য। চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম পৰ্য্যটন বিভাগৰ উন্নয়নৰ মানচিত্ৰত অন্তৰ্ভুক্ত নহলেও মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ধুবুৰী চহৰত আছে বহু পৌৰাণিক সম্পদ। যিবোৰ পৌৰাণিক সম্পদে সুকীয়াকৈ কৈ যায় বহু কথা। ষোল্ল শ শতিকাত ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন হৈছিল পাঁচ পীৰ দৰগাহ আৰু শিখ ধৰ্মৰ নৱম গুৰু গুৰু টেগ বাহাদুৰৰ গুৰুদ্বাৰ। লগতে ইতিহাসক সাক্ষ্য বহন কৰি মহাবহুৰ পাৰত তেতিয়াৰ যুগৰ পৰাই জিলিকি আছে নেতাই ধুবুনী ঘাট। কেৱল এয়াই নহয় ৰজা দিনীয়া আৰু ব্ৰিটিছ যুগৰ আন বহু পৌৰাণিক সম্পদ আছে ধুবুৰী চহৰত।

উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ ভিতৰত দুটা স্থানত ৰাণী ভিক্টোৰিয়াৰ প্ৰতিমূৰ্তি স্থাপন কৰি পার্ক নির্মাণ কৰা হৈছে। এখন পুনেত আনখন ধুবুৰীত। ইয়াৰে ভিতৰত অন্যতম ধুবুৰী চহৰৰ মাজ মজিয়াত অৱস্থিত এইখন ৰাণী ভিক্টোৰিয়া পাৰ্ক। দৰাচলতে দেশৰ স্বাধীনতাৰ প্ৰায় চাৰিটা দশক পিছত ব্ৰিটিছৰ দিনত ১৯০৫ চনত ব্ৰিটেইনৰ পৰা ভাৰতলৈ অনা হৈছিল ব্ৰিটেইনৰ ৰাণী ভিক্টোৰিয়াৰ দুটাকৈ সম্পূৰ্ণ প্ৰতিমূৰ্তি। ইটালিয়ান শ্বেত মাৰ্বলেৰে বিশেষ ভাবে তৈয়াৰী কৰা ৰাণী ভিক্টোৰিয়াৰ দুটাকৈ পূৰ্ণাংগ প্ৰতিমূৰ্তি ফ্ৰান্সে ব্ৰিটিছক উপহাৰ হিচাপে দিয়াৰ পিছত ভাৰতলৈ আনি এটা পুনেত স্থাপন কৰা হয়। আনখন দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ ধুবুৰীত স্থাপন কৰা হৈছিল। ব্ৰিটিছৰ দিনত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে ধুবুৰীক ব্যৱহাৰ কৰি উদ্যোগ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল ধুবুৰীক। সেইবাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত থকা ধুবুৰী চহৰৰ তেতুলতলাত ১৯০৫ চনত স্থাপন কৰা হৈছিল ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি। ইপিনে ১৯৫২ চনৰ বৰ ভূঁইকোপৰ সময়ত ৰাণী ভিক্টোৰিয়াৰ প্ৰতিমূৰ্তিৰ চকুত থকা দুটা মণি সদৃশ মাৰ্বল খহি পৰে। যি মাৰ্বল নিশাৰ এন্ধাৰত জিলিকি থকা প্ৰত্যক্ষ কৰিছিল দৰ্শকে।

Byte:- (03) বিজয় শৰ্মা, জ্যেষ্ঠ সাংবাদিক।

অৱশ্যে কোনো নাম ফলক নাথাকিলেও এইখন ৰাণী ভিক্টোৰিয়া পার্ক বুলি জনাজাত। কিন্তু ইতিহাসক সাক্ষ্য বহন কৰা এক সম্পদ সংৰক্ষণৰ অভাৱত ক্ৰমাৎ মৃত্যুমুখ লৈ গতি কৰিছে। কিছু বছৰ পূৰ্বে বন জংঘলে আৱৰি থকা এই পার্ক খন চাফা কৰি সম্পূৰ্ণ এখন পাৰ্কৰ ৰূপ দিয়া হয়। চৰকাৰী ভাবে পার্ক খন নিশা পোহৰাই তোলাৰ বাবে বিজুলী যোগান দিয়া হৈছিল যদিওঁ সেয়াও আৰম্ভণিতেই বন্ধ। আনহাতে চৰকাৰী ভাবে সামান্য কিছু কাম কৰাৰ বিপৰীতে পাৰ্কৰ মূল গেট খনৰ লগতে দুয়োফালে গ্ৰীলৰ বেৰ নিৰ্মাণ কৰি দিছিল লায়ন্স ক্লাৱৰ ফালৰ পৰা। যদিওঁ চোৱাচিতাৰ দায়িত্বত থকা ধুবুৰী পৌৰসভাই পার্ক খন আজিলৈকে খুলি ৰখা পৰিলক্ষিত নহল। বছৰৰ ৩৬৫ দিনেই তলা ওলমি থাকে মূল গেটত। ৰক্ষণাবেক্ষণৰ অভাৱত ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আজি বন জংঘলে আৱৰি আছে। ইপিনে পার্ক খনৰ বহিবলগীয়া ঠাইবোৰ আগুৰি ধৰিছে বন জংঘলে। নিশা হলেই পার্কত চলে মদ জুৱাৰ আড্ডা। কিন্তু সম্পূৰ্ণ নীৰৱ জিলা প্ৰশাসন আৰু পৌৰসভা। ফলত দুখ প্ৰকাশ সচেতন ৰাইজৰ।

Byte:- (04) বিজয় শৰ্মা, জ্যেষ্ঠ সাংবাদিক।

উল্লেখযোগ্য যে, আজিৰ পৰা পাঁচশ বছৰ পূৰ্বৰ ঐতিহ্যৰ সাক্ষ্য বহন কৰি অহা ধুবুৰী চহৰলৈ বহু বিদেশী পৰ্য্যটকৰ আগমন হয়। বিদেশী পৰ্য্যটকে তেওঁলোকে কেমেৰাৰ লেন্সত বন্দী কৰে এটা এটা ঐতিহ্যমণ্ডিত পৌৰাণিক সম্পদৰ মূল্যবান ছবি। কিন্তু এনে ঐতিহাসিক পৌৰাণিক সম্পদবোৰৰ এনে দুখলগা দৃশ্য চাই তেওঁলোকেওঁ দুখ প্ৰকাশ কৰে। অৱশ্যে এই দুখ লগা দৃশ্য চাই বিদেশী পৰ্য্যটকে দুখ প্ৰকাশ কৰিলেও এই ক্ষেত্ৰত কোনো ভ্ৰূক্ষেপ নাই ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ বিয়াগোম পৰ্য্যটন বিভাগৰ। গুৰুত্ব নাই ধুবুৰী জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাৰ। এনে গুৰুত্বহীনতাৰ বাবেই শ শ বছৰৰ ঐতিহ্য বহন কৰি অহা ধুবুৰী চহৰ খন আজিও অন্তৰ্ভূক্ত নহল ৰাজ্যৰ বিয়াগোম পৰ্য্যটন বিভাগৰ মানচিত্ৰত। চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ লগতে ধুবুৰী পৌৰসভাৰ এনে কাম কাজত ক্ষোভ প্ৰকাশ কৰিছে ধুবুৰীৰ সচেতন তথা বিজ্ঞ মহলে।

Byte:- (05) বিজয় শৰ্মা, জ্যেষ্ঠ সাংবাদিক।

Conclusion:উল্লেখযোগ্য যে, ইয়াৰ পিছতো অকৰ্মণ্য অসম পৰ্য্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অসম পৰ্য্যটন ক্ষেত্ৰখনৰ আন্তঃগাঁথনি উন্নয়ন নালাগে। অথবা অধ্যক্ষ জয়ন্ত মল্লই কোৱা দৰেই জিলা প্ৰশাসন আৰু পৌৰসভাই বন জংঘলেৰে আৱৰি থকাটো বিচাৰিছে নেকি ধুবুৰীৰ ঐতিহাসিক ৰাণী ভিক্টোৰিয়া পার্কখন।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.