ETV Bharat / state

গৌৰীপুৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত মুন্না শইকীয়া - ধুবুৰী আদালতত হাজিৰ

গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহৰ সৈতে জড়িত হৈ পৰা অভিযুক্ত মুন্না শইকীয়া সম্প্ৰতি গৌৰীপুৰ আৰক্ষীৰ জিম্মাত । কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুন্না শইকীয়াক গৌৰীপুৰ আৰক্ষীয়ে নিজৰ জিম্মালৈ নি বৃহস্পতিবাৰে হাজিৰ কৰালে ধুবুৰী আদালতত । আদালতত উপস্থিত হোৱাৰ সময়ত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ধৃত মুন্না শইকীয়াৰ ।

গৌৰীপুৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত মুন্না শইকীয়া
author img

By

Published : Sep 19, 2019, 10:16 PM IST

ধুবুৰী, 19 চেপ্তেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় চোৰাং বেহা তথা চোৰাং ছিণ্ডিকেটৰ বিৰুদ্ধে ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । ধুবুৰীৰ গৌৰীপুৰ আৰু কোকৰাঝাৰত গৰুৰ চোৰাং সৰবৰাহক লৈ ৰুজু হৈ থকা পৃথক গোচৰৰ ভিত্তিত কিছুদিনৰ পৰা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান । গৌৰীপুৰ আৰক্ষী থানাত ৮৭৬/১৯ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ চলাই অহা ছিণ্ডিকেটৰ জাহাঙ্গীৰ আলম আৰু আব্দুল জুব্বাৰকে ধৰি সাত জনকৈ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পিছতেই কোকৰাঝাৰ আৰক্ষীয়ে যোৱা ছয় চেপ্তেম্বৰত অভিযান চলাই ছিণ্ডিকেটৰ আন এজন অভিযুক্ত মুন্না শইকীয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কোকৰাঝাৰ আৰক্ষীয়ে ধৃত মুন্না শইকীয়াক জেৰা কৰাৰ পিছত বুধবাৰে কোকৰাঝাৰ আদালতৰ জৰিয়তে ট্ৰেঞ্জিট ৰিমাণ্ডত নিয়ে গৌৰীপুৰ আৰক্ষীয়ে । আনহাতে গৌৰীপুৰ আৰক্ষীয়ে মুন্না শইকীয়াক ধুবুৰী আদালতত হাজিৰ কৰাই পুনৰ সাত দিনৰ বাবে নিজৰ জিম্মালৈ বিচাৰে যদিও আদালতে চাৰি দিনৰ বাবে গৌৰীপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে মুন্না শইকীয়াক।

গৌৰীপুৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত মুন্না শইকীয়া

ইপিনে ধুবুৰী আদালতত হাজিৰ হোৱাৰ সময়ত সংবাদ মাধ্যমৰ কেমেৰাৰ আগত কোনো ছিণ্ডিকেটৰ সৈতে জড়িত নহয় বুলি কৈ ক্ষোভ উজাৰিলে মুন্না শইকীয়াই। ছিণ্ডিকেটৰ গোপন তথ্য পোহৰলৈ অহাৰ প্ৰতি লক্ষ্য কৰি তেওঁক সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰখা হৈছে বুলিও উল্লেখ কৰে । আনহাতে যোৱা চাৰিটা বছৰে ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবেই এই পৰিণাম ভুগিব লগীয়া হৈছে বুলি উল্লেখ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ধৃত মুন্না শইকীয়াই।

বৃহস্পতিবাৰে ধুবুৰী আদালতে মুন্না শইকীয়াক চাৰি দিনৰ বাবে গৌৰীপুৰ আৰক্ষীৰ জিম্মালৈ দিয়াৰ পিছত আৰক্ষীয়ে ধৃত মুন্না শইকীয়াৰ পৰা ছিণ্ডিকেটৰ কি তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব । যদিও এই ক্ষেত্ৰত কোনো মন্তব্য দিয়া নাই ধুবুৰী আৰক্ষীয়ে। উল্লেখযোগ্য যে, গৰুৰ ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এতিয়ালৈকে আঠজনক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

Intro: গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰৰ সৈতে জড়িত হৈ পৰা অন্যতম অভিযুক্ত মুন্না শইকীয়া সম্প্ৰতি গৌৰীপুৰ আৰক্ষীৰ জিম্মাত। কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মুন্না শইকীয়াক গৌৰীপুৰ আৰক্ষীয়ে নিজৰ জিম্মালৈ নি আজি হাজিৰ কৰালে ধুবুৰী আদালতত। আদালতত উপস্থিত হোৱাৰ সময়ত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ধৃত মুন্না শইকীয়াৰ।

Body:

আন্তঃৰাষ্ট্ৰীয় চোৰাং বেপাৰী তথা চোৰাং ছিণ্ডিকেটৰ ধুবুৰী আৰু কোকৰাঝাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। ধুবুৰীৰ গৌৰীপুৰ আৰু কোকৰাঝাৰত গৰুৰ চোৰাং কাৰবাৰ সম্পৰ্কে ৰুজু হৈ থকা পৃথক গোচৰৰ ভিত্তিত যোৱা কিছুদিনৰ পৰা আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। গৌৰীপুৰ আৰক্ষী থানাত ৮৭৬/১৯ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই বাংলাদেশলৈ গৰুৰ চোৰাং কাৰবাৰ চলাই অহা ছিণ্ডিকেটৰ জাহাঙ্গীৰ আলম আৰু আব্দুল জুব্বাৰকে ধৰি সাত জনকৈ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পিছতেই কোকৰাঝাৰ আৰক্ষীয়ে যোৱা ছয় ছেপ্টেম্বৰত অভিযান চলাই ছিণ্ডিকেটৰ আন এজন মূল কাণ্ডাৰী মুন্না শইকীয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৱা কেইদিনত কোকৰাঝাৰ আৰক্ষীয়ে ধৃত মুন্না শইকীয়াক জেৰা কৰাৰ পিছত যোৱাকালি কোকৰাঝাৰ আদালতৰ জৰিয়তে ট্রেঞ্জিট ৰিমাণ্ডত নিয়ে গৌৰীপুৰ আৰক্ষীয়ে। আজি গৌৰীপুৰ আৰক্ষীয়ে মুন্না শইকীয়াক ধুবুৰী আদালতত হাজিৰ কৰাই পুণৰ সাত দিনৰ বাবে নিজৰ জিম্মালৈ বিচাৰে যদিওঁ আদালতে চাৰি দিনৰ বাবে গৌৰীপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ধৃত মুন্না শইকীয়াক।

ইপিনে ধুবুৰী আদালতত হাজিৰ হোৱাৰ সময়ত সংবাদ মাধ্যমৰ কেমেৰাৰ আগত ক্ষোভ উজাৰিলে ধৃত মুন্না শইকীয়াই। তেওঁ হেনো জড়িত নহয় কোনো ছিণ্ডিকেটৰ সৈতে। ছিণ্ডিকেটৰ গোপন তথ্য পোহৰলৈ অহাৰ প্ৰতি লক্ষ্য কৰি তেওঁক হেনো সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰখা হৈছে।

আনহাতে যোৱা চাৰিটা বছৰে ছিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবেই আজি পৰিনাম ভুগিব লগীয়া হৈছে বুলি উল্লেখ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ধৃত মুন্না শইকীয়াই।

আজি ধুবুৰী আদালতে মুন্না শইকীয়াক চাৰি দিনৰ বাবে গৌৰীপুৰ আৰক্ষীৰ জিম্মালৈ দিয়াৰ পিছত আৰক্ষীয়ে ধৃত মুন্না শইকীয়াৰ পৰা ছিণ্ডিকেটৰ কি তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব। যদিওঁ এই ক্ষেত্ৰত মুখ খোলা নাই ধুবুৰী আৰক্ষীয়ে।

Conclusion:উল্লেখযোগ্য যে, গৰুৰ ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এতিয়ালৈকে আঠজনক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযান অব্যাহত ৰাখিছে এতিয়াও ধুবুৰী আৰু কোকৰাঝাৰৰ স্থানীয় কেইজন মূল অভিযুক্ত সহ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ চোৰাং গৰুৰ বৃহৎ ছিণ্ডিকেটৰ কেইজনমান মূল কাণ্ডাৰীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.