বিলাসীপাৰা,২৭ মাৰ্চ : ধুবুৰীৰ বিলাসীপাৰাত লোক নিৰ্মাণ বিভাগত ব্যাপক দুৰ্নীতি (Corruption in PWD department)। বিলাসীপাৰা-সোনকোষ সংযোগী গড়কাপ্তানি পথৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in road construction at Bilashipara)। ঠিকাদাৰৰ বিৰুদ্ধে উঠিছে লুণ্ঠনৰ গুৰুতৰ অভিযোগ ।
উল্লেখ্য যে প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে ১০ কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্যৰ ঠিকা লাভ কৰিছিল চেহনোৱাজ আমিন নামৰ ঠিকাদাৰজনে । ইফালে এই কামৰ দায়িত্বত আছে গড়কাপ্তানি বিভাগৰ কনিষ্ঠ অভিযন্তা ৰফিকুল ইছলাম খান । কিন্তু পথটো নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু অভিযন্তাই লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অতি নিম্ন মানৰ সামগ্ৰী আৰু পুৰণি ৰাস্তাৰ সামগ্ৰী ব্যৱহাৰ কৰি পিচিং কৰাৰ অভিযোগ কৰিছে ৰাইজে ।
যাৰ বাবে মাত্ৰ দুটা মাহ নহঁওতেই চপৰা চপৰে উঠিছে পকী ৰাস্তা । ইফালে কেমেৰাৰ সন্মুখতে ঠিকাদাৰৰ একাংশ ঘনিষ্ঠৰ ভয়ংকৰ বিস্ফোৰণ । পথ নিৰ্মাণৰ কামত হেনো চৰকাৰে ৩০ শতাংশ নিম্ন মানৰ শিল ব্যবহাৰ কৰিবলৈ অনুমতি দিছে ।
দীৰ্ঘদিন ধৰি বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতিয়ে চকু কপালত তুলিছে বিলাসীপাৰাৰ সচেতন মহলৰ । ইফালে সমগ্ৰ দুৰ্নীতি সম্পৰ্কে ৰাইজে তদন্তৰ দাবী জনাইছে । অভিযুক্ত ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও স্থানীয় ৰাইজে দাবী জনায় ।
লগতে পঢ়ক :হৰিণৰ মাংসই বৈৰী হ’ল নিতুৰ