ETV Bharat / state

ধুবুৰী আৰক্ষীৰ জালত MGNREGA ৰ দুৰ্নীতিত অভিযুক্ত দুই শীৰ্ষ বিষয়া

ধুবুৰী আৰক্ষীৰ(Dhubri Police) জালত এম জি এনৰেগা(MGNREGA) আঁচনিৰ বৃহৎ দুৰ্নীতিৰ গোচৰত অভিযুক্ত দুই বিষয়া ৷ এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত লক্ষাধিক টকাৰ দুৰ্নীতি(Corruption) সংঘটিত কৰা গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলামক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দেওবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

author img

By

Published : Sep 6, 2021, 2:13 PM IST

corrupted-bdo-and-accountant-arrested-by-dhubri-police
MGNREGAৰ দুৰ্নীতিত অভিযুক্ত দুই শীৰ্ষ বিষয়া গ্ৰেপ্তাৰ

ধুবুৰী, 6 ছেপ্তেম্বৰ : অৱশেষত ৰঙাঘৰৰ আলহী হ’ল ধুবুৰী জিলাৰ এগৰাকী খণ্ড উন্নয়ন বিষয়া(BDO) আৰু এগৰাকী গাণনিক বিষয়া(Accountant) ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এম জি এনৰেগা(MGNREGA) আঁচনিৰ বৃহৎ দুৰ্নীতিৰ গোচৰত অভিযুক্ত হৈ প্ৰায় দুমাহৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ হয় গৌৰীপুৰ খণ্ড উন্নয়ন বিষয়া খবিৰ উদ্দিন আহমেদ আৰু গাণনিক বিষয়া আখিৰুল ইছলাম ৷

ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ড এলেকাৰ অধীনস্থ বহুকেইটা পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়ণৰ নামত বিষয়া দুগৰাকীয়ে লক্ষাধিক টকাৰ দুৰ্নীতি(Corruption) সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ধুবুৰীৰ প্ৰাক্তন বিধায়ক জাহান উদ্দিনে বিষয়া দুগৰাকীৰ বিৰুদ্ধে ধুবুৰী থানাত দাখিল কৰিছিল এক লিখিত অভিযোগনামা ৷

উক্ত অভিযোগৰ ভিত্তিতেই বিভাগীয় উচ্চ পৰ্যায়ৰ তদন্তকাৰী দল আৰু ধুবুৰী জিলা প্ৰশাসনৰ(Dhubri District Administration) ফালৰ পৰা ৰূপায়িত আঁচনিসমূহৰ চৰ জমিন তদন্ত কৰা হয় । জিলা প্ৰশাসনৰ তদন্তৰ প্ৰতিবেদনত ওলাই পৰে উন্নয়ন খণ্ডৰ বিয়াগোম কেলেংকাৰীৰ বহু তথ্য ।

লগতে পঢ়ক: কেতিয়াকৈ হ’ব স্থানীয় ৰে’লৰ চলাচল ?

ইয়াৰ পাচতে বিগত 8 জুলাইত জিলা প্ৰশাসনৰ ফালৰ পৰা তদানীন্তন জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষীয়ে এখন গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰে । ইতিমধ্যে দুই স্বীকৃত অভিযন্তা ক্ৰমে ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লাক কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ধুবুৰী আৰক্ষীয়ে(Dhubri Police) ৷

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে দাখিল কৰা অভিযোগৰ অন্তত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত বিষয়া দুগৰাকীক । দেওবাৰে দুয়োকে ধুবুৰী আদালতত হাজিৰ কৰাৰ পাচত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় । কিন্তু বৰ্তমানেও পলাতক অৱস্থাত আছে কেলেংকাৰীৰ সৈতে জড়িত জাহিদুল ইছলাম নামৰ এজন ভেণ্ডৰ ।

উল্লেখ্য যে, আৰক্ষীয়ে সদৰী নকৰিলেও আন কেইবাজনো দুৰ্নীতিগ্ৰস্ত বিষয়া আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । একেই কেলেংকাৰীৰ অভিযোগত গৌৰীপুৰ আৰক্ষী থানাতো খণ্ড উন্নয়ন বিষয়া, অভিযন্তা আৰু ভেণ্ডৰৰ বিৰূদ্ধে পৃথক গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে । এইক্ষেত্ৰত গৌৰীপুৰ আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: শিক্ষাৰ্থী অবিহনে চামগুৰিত পালন শিক্ষক দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.