ETV Bharat / state

চাপৰৰ ৰাজীৱ ভৱনত অব্যাহত আছে প্ৰতিবাদ - চাপৰৰ ৰাজীৱ ভৱনত অব্যাহত আছে প্ৰতিবাদ

ধুবুৰীৰ পূৱ বিলাসীপাৰা সমষ্টিত অব্যাহত আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । এআইইউডিএফ-ক সমষ্টিটো কংগ্ৰেছে এৰি দিয়াত ক্ষোভিত কংগ্ৰেছ কৰ্মী । সমূহীয়া পদত্যাগৰ হুংকাৰ প্ৰতিবাদী কংগ্ৰেছ কৰ্মীৰ ।

চাপৰৰ ৰাজীৱ ভৱনত অব্যাহত আছে প্ৰতিবাদ
চাপৰৰ ৰাজীৱ ভৱনত অব্যাহত আছে প্ৰতিবাদ
author img

By

Published : Mar 10, 2021, 3:34 PM IST

পূৱ বিলাসীপাৰা,১০ মাৰ্চ: ৰাজ্যৰ ভিন্ন স্থানত প্ৰাৰ্থীসকলৰ দ্বাৰা মনোনয়ন পত্ৰ দাখিলৰ কাৰ্যসূচী অব্যাহত আছে । কিন্তু তাৰপিছতো এতিয়াও ঠায়ে ঠায়ে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত অব্যাহত আছে । মহাজোঁটৰ প্ৰাৰ্থী প্ৰদানক লৈ ধুবুৰীৰ পূৱ বিলাসীপাৰা সমষ্টিত কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে । মিত্ৰদল এআইইউডিএফ-ক টিকট প্ৰদানক লৈ পূৱ বিলাসীপাৰাৰ ঠায়ে-ঠায়ে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে । কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত পূৱ বিলাসীপাৰাত মিত্ৰদল এআইইউডিএফ-ৰ গণভিত্তি নথকা প্ৰাৰ্থীক টিকট প্ৰদানক কেন্দ্ৰ কৰি চলিছে এই প্ৰতিবাদ । বুধবাৰে চাপৰৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

কংগ্ৰেছ কৰ্মীসকলে দাবী কৰে যে ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিত এআইইউডিএফ-ৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াটো অযুক্তিকৰ । তেওঁলোকৰ দাবী কোনো কাৰণতে এয়া কংগ্ৰেছ কৰ্মীসকলে মানি নলয় । আনহাতে কংগ্ৰেছ কৰ্মীসকলক অস্বীকাৰ কৰি যদি এআইইউডিএফ-ৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে কংগ্ৰেছ কৰ্মীসকলে সমূহীয়া পদত্যাগ কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: মনোনয়ন দাখিল কৰিলে সোণাইৰ নিৰ্দলীয় প্ৰাৰ্থী আশীষ হালদাৰে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.