ETV Bharat / state

Cattle smuggling in Dhubri: ঈদ খাবলৈ আহি আৰক্ষীৰ জালত কুখ্যাত গো মাফিয়া জেলাল উদ্দিন

author img

By

Published : Apr 22, 2023, 9:53 PM IST

গৌৰীপুৰত আৰক্ষীৰ জালত পৰিল কুখ্যাত গো মাফিয়া । ঈদ খাবলৈ আহি গ্ৰেপ্তাৰ গৰুৰ চোৰাং কাৰবাৰৰ অন্য়তম অভিযুক্ত জেলাল উদ্দিন বেপাৰী (Cow mafia arrested in Dhubri) ।

Cow mafia arrested in Dhubri
গ্ৰেপ্তাৰ গৰুৰ চোৰাং কাৰবাৰৰ অন্য়তম অভিযুক্ত

ধুবুৰী, ২২ এপ্ৰিল: অৱশেষত গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত গো মাফিয়া জেলাল উদ্দিন বেপাৰী (Cattle smuggling in Assam)। আৰক্ষীৰ এনকাউণ্টাৰত নিহত গো মাফিয়া আদম আলীৰ অন্যতম সতীৰ্থ আছিল গো মাফিয়া জেলাল । আৰক্ষীৰ জালত পৰাৰ ভয়ত দীৰ্ঘ দিন ধৰি আত্মগোপন কৰি আহিছিল নামনিৰ গৰুৰ চোৰাং কাৰবাৰৰ অন্য়তম অভিযুক্ত জেলাল । অৱশেষত ঈদ খাবলৈ আহি জেলাল জালত পৰিল আৰক্ষীৰ (Cow mafia arrested in Gauripur)।

জেলাল উদ্দিন বেপাৰীয়ে দীৰ্ঘদিন ধৰি ভাৰত-বাংলা সীমান্তৰে বাংলাদেশলৈ চোৰাংকৈ পশুধন সৰবৰাহ কৰি গো মাফিয়া হিচাপে চিহ্নিত হৈ আহিছিল । উত্থাপিত অভিযোগ অনুসৰি আৰম্ভণিত সোণ ব্যৱসায়ী আছিল জেলাল বেপাৰী । বাংলাদেশৰ পৰা চোৰাং কৈ সোণ আনি কলকাতাত বিক্ৰী কৰিছিল । পৰৱৰ্তী সময়ত জেলালে আৰম্ভ কৰে পশুধনৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰ । বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্য়ৰ পৰা আব্দুল মজিদ, আব্দুল জব্বাৰৰ সৈতে নামিছিল বেপাৰত ৷ পৰৱৰ্তী সময়ত চণ্ডী আৰু আদমৰ সৈতে মিলি জেলালে চলাই গৈছিল গৰুৰ চোৰাং ব্যৱসায় ।

গৰুৰ চোৰাং কাৰবাৰৰ জৰিয়তে অতি কম দিনৰ ভিতৰতেই কোটিপতি হৈ পৰে জেলাল উদ্দিন বেপাৰী । নামনি অসমৰ চোৰাং কাৰবাৰৰ অপৰাধ জগতৰ অন্যতম অভিযুক্ত জেলাল বেপাৰীক বিচাৰি দীৰ্ঘ দিনে আৰক্ষীয়ে চলাই আহিছিল অভিযান । জেলালে অসম আৰক্ষীৰ চকুত ধূলি দি বাংলাদেশ আৰু পশ্চিম বংগত আত্মগোপন কৰি থাকি গোপনে চলাই আহিছিল পশুধনৰ চোৰাং ছিণ্ডিকেট ।

কিন্তু ঈদ উপলক্ষে ঘৰলৈ অহা জেলাল বেপাৰীৰ যেন বেপাৰৰ দিন চমু চাপি আহিল । খবৰ পালেগৈ গৌৰীপুৰ আৰক্ষীৰ ওচৰ । গৌৰীপুৰৰ মধুশৌলমাৰীৰ ঘৰৰ পৰাই নিশা গ্ৰেপ্তাৰ কৰা হ'ল জেলাল বেপাৰীক ।

গৌৰীপুৰ আৰক্ষীৰ মাৰাথন জেৰাত ইতিমধ্যে জেলালে বহুতো স্বীকাৰোক্তি দিছে । আৰক্ষীৰ জেৰাত বহু ন ন তথ্য উদঘাটনৰ সম্বাৱনা আছে । আৰক্ষীৰ জালত পৰিব পাৰে জেলাল বেপাৰীৰ কেইবাজনো সতীৰ্থ আৰু সহযোগী । ইপিনে,জেলাল বেপাৰী গ্ৰেপ্তাৰৰ পিছতেই এওঁৰ কোটি কোটি টকাৰ সা সম্পত্তিও বাজেয়াপ্ত হোৱাৰ সম্বাৱনা নথকা নহয় ।

অৱশ্যে জেলাল বেপাৰী আৰক্ষীৰ কবলত পৰিছে যদিও পশ্চিম বংগত বৰ্তমানেও আত্মগোপন কৰি আছে কুখ্যাত গো মাফিয়া চণ্ডী ওৰফে ছাৰফৰাজ । এই কুখ্যাত গো মাফিয়া চণ্ডী, জেলাল বেপাৰী আৰু আদমে নামনিৰ পৰাই চলাইছিল পশুধনৰ বিশাল ছিণ্ডিকেট । উল্লেখ্য় যে, এবছৰ পূৰ্বে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল গো মাফিয়া আদম আলী ।

লগতে পঢ়ক: Vitali Das Award: ভিতালী দাস সোঁৱৰণি শিল্পী বঁটা গ্ৰহণ কৰি শোক প্ৰকাশ জুবলী বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.