ধুবুৰী, 23 অক্টোবৰ : শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ছিণ্ডিকেটৰ অন্যতম খলনায়ক আদম আলীক পুনৰ ধুবুৰী আদালতত হাজিৰ কৰায় ধুবুৰী আৰক্ষীয়ে। যোৱা ২১ অক্টোবৰত ধুবুৰী আদালতত হাজিৰ কৰাই দুদিনৰ বাবে জিম্মালৈ নিছিল ধুবুৰী আৰক্ষীয়ে। দুদিনৰ মূৰত শুকুৰবাৰে পুনৰ ধুবুৰী আদালতত হাজিৰ কৰাই আন এক গোচৰৰ ভিত্তিত পুনৰ জিম্মাত বিচাৰে। আৰক্ষীৰ আবেদনৰ ভিত্তিত আদালতে পুনৰ পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, যোৱা 11 অক্টোবৰৰ দিনা আদম আলী গ্ৰেপ্তাৰ হোৱাৰ সময়তে ধুবুৰীৰ নিউঘাট বাহাদুৰটাৰীত আৰক্ষীৰ অভিযানত একে-৪৭ ৰ সজীৱ গুলি সহ গ্ৰেপ্তাৰ হৈছিল জহিৰুল ইছলাম নামৰ এজন মোবাইল দোকানী। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ধৃত জহিৰুল ইছলামক আদালতৰ জৰিয়তে জেল হাজোত লৈ প্ৰেৰণ কৰে। নিউঘাট বাহাদুৰটাৰীত থকা আদম আলীৰ জে. ম’বাইল নামৰ দোকানখনৰ পৰা একে-৪৭ ৰ 16 জাঁই সজীৱ গুলি উদ্ধাৰ কৰিছিল ।

আনহাতে আদম আলীৰ ঘৰতো অভিযান চলাই একে-৪৭ ৰ দহ জাঁই সজীৱ গুলি উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। একেদিনাই দুটা পৃথক স্থানৰ পৰা একে-৪৭ ৰ সজীৱ গুলি উদ্ধাৰ হয় । দুটা স্থানৰ পৰা একেই গুলি উদ্ধাৰ হোৱাৰ ফলত আৰক্ষীয়ে সন্দেহ কৰিছে আদম আলীৰ ওপৰত। সেয়ে আদম আলীক পাঁচ দিনৰ জিম্মাত নি অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা কৰিব ধুবুৰী আৰক্ষীয়ে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু এই তদন্তত কি কি নতুন তথ্য পোহৰলৈ আহে সেইয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক : আৰক্ষীৰ জেৰাত গো-মাফিয়াৰ ভয়ংকৰ স্বীকাৰোক্তি