পূৱ বিলাসীপাৰা, 3 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । প্ৰতিখন জিলাতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এই ক’লা সাম্ৰাজ্যৰ লগত জড়িত বহু লোকক আটক কৰাৰ লগতে জব্দ কৰিছে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ৷ ইফালে ধুবুৰী জিলাত নতুনকৈ দায়িত্ব ভাৰ গ্ৰহণ কৰা ধুবুৰী জিলা আৰক্ষীৰ অধীক্ষক গৰাকীৰ তৎপৰতাত এতিয়া প্ৰতিখন আৰক্ষী থানাই অধিক সক্ৰিয়তাৰে আৰম্ভ কৰিছে এই অভিযান । জিলাখনৰ অন্যান্য থানাসমূহৰ সমান্তৰালকৈ এতিয়া চাপৰ আৰক্ষীও চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান । বুধবাৰে চাপৰ আৰক্ষীয়ে চাপৰৰ ৪ নং ৱাৰ্ডত অভিযান চলাই এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷
আটক কৰা ড্ৰাগছ ব্য়ৱসায়ীজনৰ নাম বইতুল্লা আনছাৰী বুলি জানিব পৰা গৈছে ৷ আনহাতে এই অভিযানত আৰক্ষীয়ে অভিযুক্ত বইতুল্লা আনছাৰীৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ্য় যে, জব্দ কৰা ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য অৰ্ধ লক্ষাধিক হ’ব বুলি জানিব পৰা গৈছে । ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ পৰা জব্দ কৰে নগদ ধন সহ মবাইলফোন আৰু এখন ই-ৰিক্সা । অধিক তথ্যৰ বাবে ইতিমধ্যে চাপৰ আৰক্ষীয়ে ধৃত বইতুল্লাক জেৰা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত ড্ৰাগছ ব্যৱসায়ী আটক