ধুবুৰী, 22 নৱেম্বৰ : আগন্তক বিধানসভা নিৰ্বাচন ক্ৰমাৎ ওচৰ চাপি অহাৰ লগে লগে শাসক-বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে । সমান্তৰালভাৱে ধুবুৰী জিলা বিজেপিয়ে বুথে বুথে আৰম্ভ কৰিছে সাংগঠনিক সভা ।

দেওবাৰে ধুবুৰী টাউন মণ্ডলৰ উদ্যোগত ধুবুৰী চহৰত এখন মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । টাউন মণ্ডলৰ সভাপতি সোমনাথ চক্ৰৱৰ্তীৰ লগতে জিলা যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্মল্য পালকে ধৰি যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে । উক্ত সভাত জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালে মুখ্য বক্তা হিচাপে উপস্থিত থাকি দলীয় আৰু নিৰ্বাচনমূলক ভাষণ প্ৰদান কৰে ।

উল্লেখ্য যে, আগন্তুক কিছুদিনৰ ভিতৰতে ধুবুৰী জিলাত মুঠ 48 খন বুথত সভা অনুষ্ঠিত কৰিব জিলা বিজেপিয়ে ।
লগতে পঢ়ক : ইটিভি ভাৰতৰ সৈতে আছুৰ নৱ নিৰ্বাচিত সভাপতিৰ আছুতীয়া সাক্ষাৎকাৰ...