ETV Bharat / state

বহলপুৰত অশোক কুমাৰ সিংঘীক উষ্ম আদৰণি

author img

By

Published : Mar 15, 2021, 6:02 PM IST

পশ্চিমবংগৰ তৃণমূল দলৰ জনপ্ৰিয় নিৰ্বাচনী গীত ‘‘খেলা হবে’’ পূৱ বিলাসীপাৰাৰ বিজেপি কৰ্মীৰ মুখে-মুখে । সঁচাকৈ পূৱ বিলাসীপাৰাত ২০২১ নিৰ্বাচনত খেলা হ’ব নেকি ! বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংঘী টিকট লৈ পূৱ বিলাসীপাৰাত উপস্থিত হোৱাৰ সময়ত বিজেপি কৰ্মীৰ মুখে মুখে কেৱল খেলা হবে খেলা হবে গীতৰ গুণ-গুণনি । চাপৰৰ বহলপুৰত বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংঘীক উষ্ম আদৰণি দলীয় কৰ্মী আৰু ৰাইজৰ ৷

চাপৰৰ বহলপুৰত বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংহীক উষ্ম আদৰণি

পূৱ বিলাসীপাৰা,১৫ মাৰ্চ: সোমবাৰে পূৱ বিলাসীপাৰাত উপস্থিত হয় বিধায়ক অশোক কুমাৰ সিংঘী ৷ চাপৰৰ বহলপুৰত ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অশোক কুমাৰ সিংঘীক কাষতে পাই উৎফুল্লিত হৈ পৰিছে সমষ্টিবাসী ৷ সিংঘীক বিশাল বাইক ৰেলীৰ মাজেৰে উষ্ম আদৰণি জনোৱা হয় সমষ্টিলৈ ৷

বহলপুৰত অশোক কুমাৰ সিংঘীক উষ্ম আদৰণি

বিধায়ক অশোক কুমাৰ সিংঘীৰ বাইক ৰেলীয়ে পূৱ বিলাসীপাৰাত ২০২১ ৰ নিৰ্বাচনী যুঁজখন যেন আকৰ্ষণীয় হৈ পৰিছে ৷ পশ্চিমবংগৰ তৃণমূল দলৰ জনপ্ৰিয় নিৰ্বাচনী গীতত নাচি-বাগি আনন্দমুখৰ হৈ পৰিছে পূৱ বিলাসীপাৰাৰ ৰাজপথ ৷

লগতে পঢ়ক: 18 মাৰ্চত কৰিমগঞ্জৰ জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.