ETV Bharat / state

বিলাসীপাৰাৰ 'M Bazar' শ্বপিং মল ছীল প্ৰশাসনৰ - m bazar sealed

অনিৰ্দিষ্টকাললৈ বিলাসীপাৰাৰ 'M Bazar' শ্বপিং মল ছীল কৰিলে প্ৰশাসনে । ক'ভিড বিধি উলংঘা কৰাৰ বাবে শ্বপিং মলটো ছীল কৰা হয় । শ্বপিং মলটোত কৰ্মৰত চাৰিজন কৰ্মচাৰীকো আটক কৰে আৰক্ষীয়ে ।

বিলাসীপাৰাৰ 'M Bazar' শ্বপিংমল ছীল কৰিলে প্ৰশাসনে

author img

By

Published : May 13, 2021, 4:56 PM IST

পশ্চিম বিলাসীপাৰা, ১৩ মে': ক'ভিড বিধি উলংঘা কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ প্ৰশাসনৰ । বৃহস্পতিবাৰে বিলাসীপাৰাত 'M Bazar' নামৰ শ্বপিং মলটো ছীল কৰে প্ৰশাসনে । মহকুমা দণ্ডাধীশ অনিৰ্দিষ্টকালৰ বাবে ছীল কৰে শ্বপিং মলটো । ক'ভিড বিধি উলংঘা কৰি ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে 'M Bazar' কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

বিলাসীপাৰাৰ 'M Bazar' শ্বপিং মল ছীল প্ৰশাসনৰ

বৃহস্পতিবাৰে বিলাসীপাৰা মহকুমা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে অনিৰ্দিষ্ট কালৰ বাবে শ্বপিং মলটো ছীল কৰি দিয়ে । লগতে শ্বপিং মলটোত কৰ্মৰত চাৰিজন কৰ্মচাৰীক আৰক্ষীয়ে আটক কৰে ।

বৰ্তমান ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধৰ বাবে প্ৰয়াস অব্যাহত আছে । চৰকাৰে কেতবোৰ কঠোৰ নীতিও অৱলম্বন কৰিছে । কিন্তু শ্বপিং মলটোত সামাজিক দূৰত্ব বৰ্তাই ৰখাকে ধৰি আন ক'ভিড বিধি মানি নচলাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: নতুন ক’ভিড নীতিঅনুসৰি অস্থায়ী ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিলে মৰাণ প্ৰশাসনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.