ETV Bharat / state

পশ্চিম বিলাসীপাৰাত সমষ্টি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ শুভাৰম্ভ - সাপটগ্ৰাম কলেজ

যোৱা 25 অক্টোবৰৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ গাঁও পঞ্চায়তসমূহত অনুষ্ঠিত হৈছিল সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী ৷ তাৰ পিচতেই ধুবুৰী জিলাৰ সাপটগ্ৰাম মহাবিদ্যালয়ত পশ্চিম বিলাসীপাৰা সমষ্টি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

Assam Sanskritik Mahasangram in Bilasipara
পশ্চিম বিলাসীপাৰাত সমষ্টি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ শুভাৰম্ভ
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 4:15 PM IST

পশ্চিম বিলাসীপাৰাত সমষ্টি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ শুভাৰম্ভ

বিলাসীপাৰী, 10 ডিচেম্বৰ: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যত অনুষ্ঠিত হৈছে সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী ৷ যোৱা 25 অক্টোবৰৰ পৰা 2024 বৰ্ষৰ 7 ফেব্ৰুৱাৰীলৈ অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠান অব্যাহত থাকিব । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাতো সমষ্টি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । দেওবাৰ তথা 10 ডিচেম্বৰৰ পৰা সাপটগ্ৰাম মহাবিদ্যালয়ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিলাসীপাৰাৰ মহাকুমাধিপতি মনোৰঞ্জন পায়েঙে ৷

এই কাৰ্যসূচীত পশ্চিম বিলাসীপাৰাৰ সমষ্টি বিভিন্ন গাঁও পঞ্চায়ত পৰ্যায়ত বিভিন্ন গীত, নৃত্য, কলা কৃষ্টিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা কেইবাশতাধিক প্ৰতিযোগীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । সমষ্টিৰ পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগীসকলে স্থান লাভ কৰা সকলে জিলা পৰ্যায়ত সাংস্কৃতিক মহা সংগ্ৰামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বিলাসীপাৰা মহকুমাধিপতি মনোৰঞ্জন পায়েঙে ।

এই কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত জগদীশ ব্ৰহ্ম, সাপটগ্ৰাম কলেজৰ অধ্যক্ষ আৰ পি সিং, বিলাসীপাৰা পশ্চিম সমষ্টিৰ অসম সাংস্কৃতিক মহাসংগ্রামৰ সদস্য পৰাগ কলিতা, মহামায়া উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মঞ্জুলা ঠাকুৰীয়াৰ লগতে সাংস্কৃতিক বিচাৰক হিচাপে চাৰিজনীয়া এটা দল ৷

লক্ষণীয় যে, এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়ত, ৱাৰ্ড, ভি চি ডি চি আৰু এম এ চি পৰ্যায়ত জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, বিহু নৃত্য আৰু অসমৰ লোকনৃত্যৰ বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ গাঁও পঞ্চায়ত, ৱাৰ্ড, ভি চি ডি চি আৰু এম এ চি পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ তিনিগৰাকী বিজয়ীয়ে বিধানসভা পৰ্যায়, বিধানসভা পৰ্যায়ৰ প্ৰতিটো শাখাৰ তিনিগৰাকী বিজয়ীয়ে জিলা পর্যায় আৰু জিলা পৰ্যায়ৰ প্ৰতিটো শাখাৰ তিনিগৰাকী বিজয়ীয়ে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।

লগতে পঢ়ক: Assam Sanskritik Mahasangram : দুদিনীয়া কাৰ্যসূচীৰে বোকাখাতত আৰম্ভ অসম সাংস্কৃতিক মহাসংগ্ৰাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.