ETV Bharat / state

আজমলৰ বিৰুদ্ধে প্ৰতাৰণাৰ ৰাজনীতিৰ অভিযোগ অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ

বটদ্ৰৱা সত্ৰ আৰু ধুবুৰীৰ ৰামৰাইকুটি সত্ৰৰ উন্নয়নৰ বাবে আৰ্থিক সাহাৰ্য দিয়াৰ প্ৰতিশ্ৰুতি আজিও পালন নকৰিলে আজমলে

আজমলৰ প্ৰতাৰণাৰ ৰাজনীতিঃ ৰাইজৰ অভিযোগঃ ক্ষোভিত ৰাইজ
author img

By

Published : Mar 25, 2019, 1:46 PM IST

Updated : Mar 25, 2019, 2:05 PM IST

ধুবুৰী, 25 মাৰ্চঃলোকসভা নিৰ্বাচনৰ আগে আগে প্ৰতাৰণাৰ অভিযোগ উঠিছে এ আই ইউ ডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৷ গুৰুজনাৰ সত্ৰক এটাৰ পিচত আনটো প্ৰতাৰণাৰ অভিযোগ আজমলৰ ওপৰত।

আজমলৰ প্ৰতাৰণাৰ ৰাজনীতিঃ ৰাইজৰ অভিযোগঃ ক্ষোভিত ৰাইজ

জানিব পৰা মতে বটদ্ৰৱা সত্ৰৰ উন্নয়নৰ বাবে 50 লাখ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল এ আই ইউ ডি এফৰ সভাপতিজনে,কিন্তু কথাতেই সীমাবদ্ধ হৈ ৰ'ল আজমলৰ প্ৰতিশ্ৰুতি ৷ আনহাতে 2014 চনৰ লোকসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বদৰুদ্দিন আজমলে ধুবুৰীৰ ৰামৰাইকুটি সত্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবে ২২ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু বিগত পাঁচ বছৰতো হৈ নুঠিল সত্ৰৰ সামগ্ৰিক উন্নয়ন কাৰণ ৰামৰাইকুটি সত্ৰৰসত্ৰাধিকাৰৰঅভিযোগ অনুসৰি কেৱল কথাতে সীমাবদ্ধ থকা আজমলে পাহৰি গ'ল নিজৰ সকলো প্ৰতিশ্ৰুতি। পৰৱৰ্তীসময়তো ৰাইজলৈ উভতি নোচোৱাৰ অভিযোগ ৰামৰাইকুটি সত্ৰৰ সত্ৰাধিকাৰৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ৷

Intro: গুৰুজনাৰ সত্ৰক প্ৰতাৰণা আজমলৰ। বটদ্ৰৱা সত্ৰৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আৰ্থিক দিয়াৰ প্ৰতিশ্ৰুতি দি পাহৰি যোৱা আজমলে পাহৰিলে তেনে আন এক প্ৰতিশ্ৰুতি। গুৰুজনাৰ সত্ৰৰ সৈতে প্ৰতাৰণাৰ ৰাজনীতি আজমলৰ।

Body: এটাৰ পিছত আনটো গুৰুজনাৰ সত্ৰক প্ৰতাৰণা আজমলৰ। বটদ্ৰৱা সত্ৰৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আৰ্থিক দিয়াৰ প্ৰতিশ্ৰুতি দি পাহৰি যোৱা আজমলে পাহৰিলে তেনে আন এক প্ৰতিশ্ৰুতি। গুৰুজনাৰ সত্ৰৰ সৈতে প্ৰতাৰণাৰ ৰাজনীতি আজমলৰ। দৰাচলতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত দ্বিতীয় বাৰৰ বাবে ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বদৰুদ্দিন আজমলে এইখন ৰামৰাইকুটি সত্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবে ২২ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত পাঁচ বছৰত আজমলে পাহৰি থাকিল নিজৰ প্ৰতিশ্ৰুতি। অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ সত্ৰশালত অৱস্থিত শ্ৰী শ্ৰী ধাম ৰামৰাইকুটি সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে ইটিভি ভাৰতৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়ঃ সাংসদ আজমলৰ বিগত দহ বছৰীয়া কাৰ্য্যকালত কোনো ধৰণৰ পুঁজি লাভ কৰা নাই। যদিওঁ ২০১৪ চনৰ নিৰ্বাচনত পুনৰ সাংসদ নিৰ্বাচিত হোৱাৰ পিছত সত্ৰত ভৰি দি গুৰুজনাৰ সত্ৰৰ উন্নয়নৰ বাবে ২২ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সত্ৰাধিকাৰক। কিন্তু আজিও আজমলে পালন নকৰিলে তেওঁৰ দিয়া প্ৰতিশ্ৰুতি। আনকি পৰৱৰ্তী সময়ত কোনো খবৰ লবলৈও আজমলৰ সময় নহল বুলি ক্ষোভ উজাৰে সত্ৰাধিকাৰ গৰাকীয়ে।
ইপিনে বটদ্ৰৱা সত্ৰৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ অনুদান দিয়াৰ প্ৰতিশ্ৰুতি দি পাহৰি যোৱাৰ দৰে ধুবুৰীৰ ৰামৰাইকুটি সত্ৰক দিয়া প্ৰতিশ্ৰুতিও পাহৰি যোৱা আজমলক সমালোচনা কৰিলে সত্ৰাধিকাৰে। লগতে আগন্তুক নিৰ্বাচনত এজন ভাল সাংসদ আৰু এখন ভাল চৰকাৰ হোৱাটো বিচাৰিছে শ্ৰী শ্ৰী ধাম ৰামৰাইকুটি সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে।

Conclusion: উল্লেখযোগ্য যে, বটদ্ৰৱা সত্ৰক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰি এক বিতৰ্কৰ মাজত সোমাই পৰা আজমলে তেওঁৰ প্ৰতিশ্ৰুতি পাহৰি যোৱা বুলি কৈছিল। এতিয়া ধুবুৰীৰ ৰামৰাইকুটি সত্ৰক প্ৰতিশ্ৰুতি পালন নকৰাৰ পিছত এতিয়া কি মন্তব্য কৰিব আজমলে। হয়তো আজমলে পুনৰ কব পাহৰি যোৱাৰ কথা। কিন্তু প্ৰশ্ন হয়। বিগত দহ বছৰে ধুবুৰীৰ সাংসদ হৈ থকা আজমলে গুৰুজনাৰ সত্ৰৰ সৈতে প্ৰতাৰণাৰ ৰাজনীতি কৰিছে নেকি।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Mar 25, 2019, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.