ETV Bharat / state

এন.আৰ.চি সন্দৰ্ভত ৱাজেদ আলী চৌধুৰীৰ সকীয়নি - এন আৰ চি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৱাজেদ আলী চৌধুৰী

অসমত নতুনকৈ এন আৰ চি প্ৰণয়ন কৰিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ কংগ্ৰেছৰ । প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব কংগ্ৰেছে । এই ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে । সম্পাদকগৰাকীৰ মতে ৭১ৰ পিছত কোনো বাংলাদেশী অসমত বসবাস কৰিবলৈ অহা নাই । লগতে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নৰ ব্যৰ্থতা ঢাকিবলৈ আৱেগৰ ৰাজনীতি কৰিছে ।

Assam Congress Secretary or MLA Wazed Ali Chaudhori on NRC
নতুনকৈ এন আৰ চি প্ৰণয়ন কৰিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ কংগ্ৰেছৰ
author img

By

Published : Nov 27, 2019, 4:09 PM IST

ধুবুৰী,27 নৱম্বৰ: সংসদৰ মজিয়াত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশিত চূড়ান্ত এন আৰ চি নাকচ কৰি নতুনকৈ ৫১ক ভিত্তি বৰ্ষ হিচাপে লৈ অসমৰ লগতে দেশজুৰি এন আৰ চি কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলিছে । সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । বিজেপি চৰকাৰৰ এই ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ প্ৰায়কেইটা ছাত্ৰসংগঠনে । প্ৰকাশিত চূড়ান্ত এন আৰ চি খন বাতিল কৰিলে দেশ তথা ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব । বুধবাৰে এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে । লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে কৰি দেখুৱালে বুলি সংসদৰ মজিয়াত বাহঃ বাহঃ লোৱা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এন আৰ চি প্ৰকাশ পোৱাৰ পিছত ভৱাধৰণে অসমত বাংলাদেশী নাগৰিক নোলোৱাত আৰু মুছলমানতকৈ হিন্দু বাংলাদেশী লোকৰ সংখ্যা বেছি হোৱাত বৰ্তমান এন আৰ চি খন বাতিল কৰাৰ ষড়যন্ত্ৰ কৰিছে ।

নতুনকৈ এন আৰ চি প্ৰণয়ন কৰিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ কংগ্ৰেছৰ

ইপিনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ লোৱা কাৰ্যকো কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতা ৱাজেদে আলী চৌধুৰীয়ে । কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, কেবৰ জৰিয়তে বিজেপিয়ে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা হিন্দু সকলক আনি নাগৰিকত্ব দিব বিচাৰিছে । আনহাতে কংগ্ৰেছ নেতাগৰাকীয়ে ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কয় যে, ৭১ চনৰ পিছত বাংলাদেশৰ পৰা কোনো মুছলমান অসমত বসবাস কৰিবলৈ অহা দেখা নাই । অসম চুক্তিত স্পষ্টকৈ উল্লেখ আছে যে, ৭১ ৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক অসমৰ পৰা যাব লাগিব । গতিকে যদি মুছলমান আহিছে তেন্তে তেওঁলোকক খেদি পঠাওক আমাৰ কোনো আপত্তি নাই বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । লগতে সম্পাদক গৰাকীয়ে কয় যে, "ধৰ্মৰ নামত এখন আইন গৃহীত কৰি কেৱল হিন্দুক নাগৰিকত্ব দিবলৈ এতিয়াও ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হোৱা নাই । বৰ্তমানেও ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ।

উল্লেখ্য যে, ধৰ্মৰ নামত ৰাজনীতি কৰি বিভিন্ন ইচ্ছু লৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে বুলি উল্লেখ কৰি বাংলাদেশী বুলি তেওঁলোকে চিঞঁৰি থকাৰ সময়তে আজি বাংলাদেশতকৈ অনুন্নত ৰাষ্ট্ৰত পৰিণত হৈছে ভাৰত । অসম তথা ভাৰত চৰকাৰৰ উন্নয়নৰ ব্যৰ্থতা ঢাকিবলৈ পাকিস্থানক ইটো কৰিম সিটো কৰিম বুলি কৈ এক ছেন্টিমেণ্টৰ ৰাজনীতি কৰিছে বুলিও বিজেপিক সমালোচনা কৰিলে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে ।

আৰু পঢ়কঃহস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে 12 টা বিশেষ দল

Intro:অসমত নতুনকৈ এন আৰ চি কৰা হলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ কংগ্ৰেছৰ। প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব কংগ্ৰেছে। এই ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। ৱাজেদৰ মতে ৭১ৰ পিছত কোনো বাংলাদেশী অসমত বসবাস কৰিবলৈ অহা নাই। লগতে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ উন্নয়নৰ ব্যৰ্থতা ঢাকিবলৈ ছেন্টিমেণ্টৰ ৰাজনীতি কৰিছে।

Body:

সংসদৰ মজিয়াত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অমিত সাই ঘোষণা কৰাৰ দৰে ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশিত চূড়ান্ত এন আৰ চি নাকচ কৰি নতুনকৈ ৫১ ভিত্তি বৰ্ষ হিচাপে লৈ অসমৰ লগতে দেশজুৰি এন আৰ চি কৰা হব বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলিছে। সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে বিজেপি চৰকাৰৰ এই ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰকাশিত চূড়ান্ত এন আৰ চি বাতিল কৰা হলে দেশ তথা ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ভয়ংকৰ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণৰ লগতে প্ৰয়োজনত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব। এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে। লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম বিজেপি চৰকাৰে কৰি দেখুৱালে বুলি সংসদৰ মজিয়াত বাঃ বাঃ লোৱা কেন্দ্ৰীয় মন্ত্ৰী অমিত সাই এন আৰ চি প্ৰকাশ পোৱাৰ পিছত ওলোটা খৰ মাৰিছে। কিন্তু কি কাৰণত ওলোটা খৰ মাৰি নতুনকৈ এন আৰ চি কৰিব বিচাৰিছে। কাৰণ দৰ্শোৱালে কংগ্ৰেছ নেতা ৱাজেদ আলী চৌধুৰীয়ে। বিজেপিক উভতি ধৰিলে কংগ্ৰেছ নেতা ৱাজেদে।

Byte:- (02) ৱাজেদ আলী চৌধুৰী।

ইপিনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক খন গৃহত কৰিবলৈ লোৱা কাৰ্য্যকো কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতা ৱাজেদে। ৱাজেদে কয়ঃ কেবৰ জৰিয়তে বিজেপিয়ে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা হিন্দু সকলক আনি নাগৰিকত্ব দিব বিচাৰিছে। আনহাতে ব্যক্তিগত মন্তব্য বুলি লগতে কয়ঃ ৭১ চনৰ পিছত বাংলাদেশৰ পৰা কোনো মুছলমান অসমত বসবাস কৰিবলৈ অহা বুলি আমি দেখা নাই। হিন্দু সম্প্ৰদায়ৰ লোক আহিছে যদি তেওঁলোকক নাগৰিকত্ব দিয়া হব। অসম চুক্তিত স্পষ্টকৈ উল্লেখ আছে যে, ৭১ ৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক অসমৰ পৰা যাব লাগিব। সেই ক্ষেত্ৰত আপত্তি নাই বুলি কৈ যদি মুছলমান আহিছে তেন্তে তেওঁলোকক খেদি পঠাওক আমাৰ কোনো আপত্তি নাই বুলি মন্তব্য কৰে ৱাজেদে। লগতে ৱাজেদে কয়ঃ ধৰ্মৰ নামত এটা আইন গৃহীত কৰি কেৱল হিন্দুক নাগৰিকত্ব দিব। এতিয়াওতো ভাৰত বৰ্ষ হিন্দু ৰাষ্ট্ৰ হোৱা নাই। এতিয়াও ভাৰত বৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।

Byte:- (03) ৱাজেদ আলী চৌধুৰী।

Conclusion:উল্লেখযোগ্য যে, ধৰ্মৰ নামত ৰাজনীতি কৰি বিভিন্ন ইচ্ছু লৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে বুলি উল্লেখ কৰি বাংলাদেশ বাংলাদেশী বুলি তেওঁলোকে চিঞৰি থকাৰ সময়তে আজি ভাৰততকৈ উন্নতৰ দেশ হৈছে বাংলাদেশ। অসম তথা ভাৰত চৰকাৰৰ উন্নয়নৰ ব্যৰ্থতা ঢাকিবলৈ পাকিস্থানক ইটো কৰিম সিটো কৰিম বুলি কৈ এক ছেন্টিমেণ্টৰ ৰাজনীতি কৰিছে বুলিও বিজেপিক সমালোচনা কৰিলে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.