ETV Bharat / state

ধুবুৰীত অসম নাট্য সন্মিলনৰ গুৰুত্বপূৰ্ণ সভা - সাহিত্য

ধুবুৰী সাহিত্য সভা ভৱনৰ সভা কক্ষত দেওবাৰে অনুষ্ঠিত সভাত অসম নাট্য সন্মিলনৰ ধুবুৰী শাখাৰ মুঠ ৩৬ জনীয়া এখন পূৰ্ণাংগ শাখা কমিটী গঠন কৰা হয় । অনুষ্ঠানত ৰাজ্য়ৰ বহু বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

ধুবুৰীত অসম নাট্য সন্মিলনৰ গুৰুত্বপূৰ্ণ সভা

author img

By

Published : Jan 3, 2021, 7:58 PM IST

ধুবুৰী, ৩ জানুৱাৰী : ধুবুৰী সাহিত্য সভা ভৱনৰ সভাকক্ষত দেওবাৰে অসম নাট্য সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । বিশিষ্ট নাট্যকাৰ তথা আহ্বায়ক নিৰ্মলেন্দু সেন গুপ্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য আহ্বায়ক বিশ্বজিৎ কলিতাই । অসম নাট্য সন্মিলনৰ ধুবুৰী শাখাৰ মুঠ ৩৬ জনীয়া এখন পূৰ্ণাংগ শাখা কমিটীও গঠন কৰা হয় ।

ধুবুৰীত অসম নাট্য সন্মিলনৰ গুৰুত্বপূৰ্ণ সভা
ধুবুৰীত অসম নাট্য সন্মিলনৰ গুৰুত্বপূৰ্ণ সভা

উক্ত সভাৰ আৰম্ভণিতে ধুবুৰীৰ সমাজ জীৱনৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি যোৱা প্ৰয়াত বিশিষ্ট নাট্যকাৰ, শিল্পী সকলৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰে এক মিনিট সময় মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত শোকপ্ৰস্তাৱ পাঠ কৰে সভাৰ আহ্বায়ক হেমেন চক্ৰৱৰ্তীয়ে । সভাত উপস্থিত থাকি অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ সম্পাদক কনক কৃষ্ণ দেৱনাথে নাট্য সন্মিলনৰ লক্ষ্য়, আদৰ্শ আৰু উদ্দেশ্য ব্যাখ্যা কৰে ।

উক্ত সভাত ধুবুৰী সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তী, বিশিষ্ট সংগীত শিল্পী নন্দা নিয়গি, বিশিষ্ট শিল্পী বিধায়ক চক্ৰৱৰ্তীকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি নাট্য সন্মিলনৰ ওপৰত ভাষণ প্ৰদান কৰে ।

গঠন হোৱা এই নতুন কমিটীখনত নিৰ্মলেন্দু সেন গুপ্তক সভাপতি, জয় প্ৰকাশ মজুমদাৰক কাৰ্যকৰী সভাপতি, ৰজনী কান্ত ডেকা আৰু অচ্যুতাভ দাস গুপ্তক উপ সভাপতি, দ্বীপঙ্কৰ দেৱ ভৰালী সম্পাদক হিচাপে আছে । ইফালে গঠন হোৱা নতুন কমিটীখনে অনাগত দিনত ধুবুৰীৰ বুকুত নাট্য সাহিত্য বা নাটকৰ এক যোগাত্মক পৰিৱেশৰ সূচনা কৰিব বুলি সংকল্পবদ্ধ হয় ।

লগতে পঢ়ক :18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.