ধুবুৰী, 5 অক্টোবৰঃ ৰাজ্যজুৰি দুৰ্গাপূজাৰ আনন্দ । ঢাকৰ শব্দত মুখৰিত সমগ্ৰ ৰাজ্য । মহা সপ্তমীৰ দিনা প্ৰতিটো পূজা মণ্ডপত আনন্দৰ ঢল বোৱাৰ সময়তে ধুবুৰীৰ এখন পূজা মণ্ডপত উত্তাল প্ৰতিবাদ ভক্তপ্ৰাণ ৰাইজৰ । ধুবুৰীৰ ষ্টে'চন ৰোডৰ পৰা কেইবাটাও মূল পথ সংযোগী পথৰ সেন পাৰা অঞ্চল দীর্ঘ দিনৰে পৰা বিধ্বস্ত হৈ আছে । কিন্তু পথটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাৰ । যাৰ বাবে শনিবাৰৰ পুৱাৰ ভাগত অহা ধাৰাসাৰ বৰষুণত পূজা মণ্ডপ পানীত বুৰ যোৱাৰ লগতে সন্মুখৰ মূল পথত একাঠু পানী জমা হয় । ফলত পূজা মণ্ডপলৈ যাওঁতে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হয় ৰাইজ । যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন আৰু ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে পথটোৰ দুয়ো ফালে বাঁহ বন্ধাৰ উপৰিও ৰে'ল পথত বাঁহ বান্ধি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখযোগ্য যে, প্ৰতিবাদৰ পাছত প্ৰশাসনীয় বিষয়া ঘটনাস্থলীত উপস্থিত হৈ বৰষুণৰ পানী নিষ্কাশনৰ ব্যৱস্থা কৰাৰ বিপৰীতে পথ মেৰামতিৰ আশ্বাস প্ৰদান কৰাৰ পিছতহে প্ৰত্যাহাৰ কৰা হয় পথ অৱৰোধ ।