ETV Bharat / state

ধুবুৰীত বানাক্ৰান্তৰ কাষত সেনা,এনডিআৰএফ আৰু এনজিঅ’

এনডিআৰএফ, সেনা আৰু এনজিঅ'ৰ ফালৰ পৰা চলাকুৰা প্লেটফৰ্মৰ বানাক্ৰান্ত সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ বিপৰীতে প্লেটফৰ্মত থকা পশুধনৰ ঔষধ বিতৰণ কৰা হয় ৷

ধুবুৰীত বানাক্ৰান্তৰ কাষত সেনা
author img

By

Published : Jul 22, 2019, 2:05 PM IST

ধুবুৰী, 22 জুলাই : প্ৰলয়ংকাৰী বান পৰিস্থিতিয়ে ধুবুৰীত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ জিলা খনত প্ৰায় এহেজাৰ খন গাঁও বানৰ কবলত পৰাৰ বিপৰীতে প্ৰায় এঘাৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে সৰ্বাধিক ক্ষতি হৈছে ধুবুৰীৰ চলাকুৰা গাঁও পঞ্চায়ত এলেকাত ৷ এই পঞ্চায়তটোৰ ডেৰ হেজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ৷ কিন্তু অভিযোগ অনুসৰি এই পঞ্চায়তটোত পৰ্যাপ্ত পৰিমাণৰ সাহায্য দিয়া হোৱা নাই ।

etv bharat assam
ধুবুৰীত বানাক্ৰান্তৰ কাষত সেনা

হঠাৎ অহা প্ৰলয়ংকাৰী বানে দুটা দিনৰ ভিতৰতে সাধাৰণ ৰাইজৰ ঘৰবাৰী সকলো মহাবাহুৰ বুকুত জাহ গৈছিল ৷ চকুৰ সন্মুখতেই নিজৰ ঘৰ খন লুইতৰ বুকুত উটি যোৱা ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰি কেৱল চকুলো টুকিছিল এওঁলোকে ৷ এতিয়া ঘৰবাৰী নোহোৱাৰ ফলত দুৰ্ভগীয়া পৰিয়াল সকলে প্লেটফৰ্মৰ লগতে বিভিন্ন ওখ ঠাইত কোনোমতে জীৱন যাপন কৰি আছে ৷ ইপিনে চলাকুৰা গাঁও পঞ্চায়তৰ ডেৰ হাজাৰ অসহায় পৰিয়ালৰ ভিতৰত কিছু পৰিয়ালে চলাকুৰা প্লেটফৰ্মত আশ্ৰয় লোৱাৰ বিপৰীতে আন একাংশই ধুবুৰী, গৌৰীপুৰ আৰু পানবাৰী আদি বিভিন্ন স্থানত আশ্ৰয় লৈ বহু কষ্টেৰে জীৱন যাপন কৰিছে । কিন্তু চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে পঞ্চায়তৰ সভাপতি তমেজ উদ্দিন মণ্ডলে ৷

আনহাতে চলাকুৰা পঞ্চায়তৰ বানাক্ৰান্ত লোকসকলৰ দুৰ্বিসহ জীৱন যাপনৰ খবৰ পাই চলাকুৰা প্লেটফৰ্মত উপস্থিত হয় এনডিআৰএফ বাহিনী, ৰাজপুত ৰেজিমেণ্ট সেনা আৰু অক্সফৰ্ম ইণ্ডিয়া নামৰ এটি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থা ৷ এনডিআৰএফ, সেনা আৰু এনজিঅ'ৰ ফালৰ পৰা চলাকুৰা প্লেটফৰ্মৰ বানাক্ৰান্ত সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ বিপৰীতে প্লেটফৰ্মত থকা পশুধনৰ ঔষধ বিতৰণ কৰা হয় ৷ ইপিনে বিভিন্ন সময়ত জৰুৰীকালীন সময়ত ভুক্তভোগী ৰাইজক উদ্ধাৰ কৰা, সহায় কৰা আৰু সাহায্য প্ৰদান কৰাৰ লগতে সংস্থাপন দিয়াৰ ব্যৱস্থাপনাৰ লক্ষ্য লৈ ধুবুৰীৰ বানাক্ৰান্তৰ কাষত থিয় দিছে অক্সফৰ্ম ইণ্ডিয়া নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থাটোৱে ৷ ইতিমধ্যে ধুবুৰীৰ বিলাসীপাৰাৰ কেইবাটাও বান শিবিৰত সাহায্য প্ৰদানৰ লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰাতো বানাক্ৰান্তক সহায় আৰু সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰে অক্সফৰ্ম ইণ্ডিয়া নামৰ এনজিআ'ৰ প্ৰগ্ৰেম কো. অৰডিনেটৰ পুনম মিশ্ৰাই ৷ দুৰ্যোগৰ সময়ত এনডিআৰএফ আৰু সেনাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এনজিঅ'ই চলাকুৰাকে ধৰি জিলা খনৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱা কাৰ্য সচাকৈয়ে প্ৰশংসনীয় ৷

Intro: প্ৰলয়ংকাৰী বান পৰিস্থিতিয়ে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ধুবুৰীত। ধুবুৰী জিলা খনত প্ৰায় এহেজাৰ গাঁও বানৰ কবলত পৰাৰ বিপৰীতে প্ৰায় এঘাৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে সৰ্বাধিক ক্ষতি হৈছে ধুবুৰীৰ চলাকুৰা গাঁও পঞ্চায়ত এলেকাত। ক্ষতিগ্ৰস্ত হৈছে পঞ্চায়তটোৰ ডেৰ হেজাৰ পৰিয়াল। কিন্তু অভিযোগমতে পৰ্য্যপ্ত পৰিমাণৰ সাহায্য দিয়া হোৱা নাই পঞ্চায়তটোত। পঞ্চায়তৰ বানাক্ৰান্তৰ কাষত সেনা, এন ডি আৰ এফ আৰু এন জি ও।

Body:

হয়, সপোনৰ ঘৰখন আৰু নাই এইসকল পৰিয়ালৰ। হঠাৎ অহা প্ৰলয়ংকাৰী বানে চব্বিশ ঘণ্টা অৰ্থাৎ দুটা দিনৰ ভিতৰতে। এই সকল দুৰ্ভগীয়া পৰিয়ালৰ সপোনৰ ঘৰবাৰী নোহোৱা হল ব্ৰহ্মপুত্ৰৰ বুকুত। কেৱল ঘৰ খনেই নহয়। ঘৰ খনত থকা কিছু গুৰুত্বপূৰ্ণ সামগ্ৰী ৰক্ষা কৰাৰ বিপৰীতে আন সকলো সামগ্ৰী ঘৰ খনৰ সৈতে উটি গৈছে লুইতৰ বুকুত। এতিয়া ঘৰবাৰী নোহোৱাকৈ প্লেটফৰ্মৰ লগতে বিভিন্ন ওখ ঠাইত এইদৰে ঘৰৰ চলি ৰাখি কোনোমতে জীৱন যাপন কৰি আহিছে এই সকল পৰিয়ালে। কিন্তু কিদৰে জীৱন নিৰ্বাহ কৰিছে সেই কথা শুনক এওঁলোকৰ মূখেৰেই। চকুৰ সন্মুখতেই নিজৰ সপোনৰ ঘৰ খন লুইতৰ বুকুত উটি যোৱা ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰি কেৱল চকুলো টুকিছিল এওঁলোকে।
Byte:- ( 803 ) ভূক্তভোগী পৰিয়াল।

ইপিনে চলাকুৰা গাঁও পঞ্চায়তৰ ডেৰ হাজাৰ অসহায় পৰিয়ালৰ ভিতৰত চলাকুৰা এইখন প্লেটফৰ্মত কিছু আশ্ৰয় লোৱাৰ বিপৰীতে আন একাংশ ধুবুৰী, গৌৰীপুৰ আৰু পানবাৰী আদি বিভিন্ন স্থানত আশ্ৰয় লৈ বহু কষ্টেৰে জীৱন যাপন কৰি আহিছে। যদিওঁ চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা পৰ্য্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে পঞ্চায়তৰ সভাপতি তমেজ উদ্দিন মণ্ডলে।
Byte:- (802) তমেজ উদ্দিন মণ্ডল, সভাপতি।

ইপিনে চলাকুৰা পঞ্চায়তৰ বানাক্ৰান্ত লোকসকলৰ দুৰ্বিসহ জীৱন যাপনৰ খবৰ পাই চলাকুৰা প্লেটফৰ্মত উপস্থিত হয় এন ডি আৰ এফ বাহিনী, ৰাজপুত ৰেজিমেণ্ট সেনা আৰু অক্সফৰ্ম ইণ্ডিয়া নামৰ এটি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থাই। এন ডি আৰ এফ, সেনা আৰু এন জি ওৰ ফালৰ পৰা চলাকুৰা প্লেটফৰ্মৰ বানাক্ৰান্ত সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ বিপৰীতে প্লেটফৰ্মত থকা পশুধনৰ ঔষধ বিতৰণ কৰে।

Byte:- (805) ৰাকেশ মণি পাল, এন ডি আৰ এফ বিষয়া।

ইপিনে বিভিন্ন সময়ত জৰুৰীকালীন সময়ত ভূক্তভোগী ৰাইজক উদ্ধাৰ কৰা, সহায় কৰা আৰু সাহায্য প্ৰদান কৰাৰ সংস্থাপন দিয়াৰ ব্যৱস্থাপনাৰ লক্ষ্য লৈ ধুবুৰীৰ বানাক্ৰান্তৰ কাষত থিয় দিছে অক্সফৰ্ম ইণ্ডিয়া নামৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেচৰকাৰী সংস্থাই। ইতিমধ্যে ধুবুৰীৰ বিলাসিপাৰাৰ কেইবাটাও বান শিবিৰত সাহায্য প্ৰদানৰ লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰাতো বানাক্ৰান্তক সহায় আৰু সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰে অক্সফৰ্ম ইণ্ডিয়া নামৰ এন জি ওৰ প্ৰগ্ৰেম কো অৰডিনেটৰ পুনম মিশ্ৰাই।
Byte:- Punam misra, Program co ordinator, Disaster risk reduction, oxform india.

Conclusion: উল্লেখযোগ্য যে, দুৰ্যোগৰ সময়ত এন ডি আৰ এফ আৰু সেনাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এন জি ও চলাকুৰাকে ধৰি জিলা খনৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱা কাৰ্য্য সঁচাকৈয়ে প্ৰশংসনীয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.