ধুবুৰী, 9 ডিচেম্বৰ: দিল্লীত চৰকাৰ সলনি হ’লেই জেললৈ যাব লাগিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা(APCC president Bhupen Bora) উপস্থিত থাকি প্ৰদান কৰিলে এই ভৱিষ্যতবাণী ।
ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । সভাৰ অন্তত সাংবাদিকৰ প্ৰশ্নোত্তৰত ভূপেন বৰাই কয় যে, কংগ্ৰেছৰ চৰকাৰ আহিলেই সাৰদা কেলেংকাৰী(Saradha Group financial scandal)ৰ গোচৰত জেললৈ যোৱাৰ ভয়ত বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাব । ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত গুৱাহাটী বিমানবন্দৰ ওচৰত বহু একৰ ভূমি বেদখল কৰাক লৈ সৰৱ হৈ পৰে ভূপেন বৰা ।
ৰাজ্যজুৰি মাটিৰ দালাল তথা ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ লোৱা মুখ্যমন্ত্ৰীগৰাকীৰ দিনতে তেখেতৰ পত্নীৰ নামত ভূমি বেদখলক(Land grabbing allegation against Himanta Biswa Sarma family)লৈ সৰৱ হৈ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে । আনহাতে নাগালেণ্ডৰ মন জিলাত সংঘটিত হোৱা ঘটনাৰ বুজ ল’বলৈ যোৱা কংগ্ৰেছৰ সজাঁতি দলটোক বাধা আৰোপ কৰা কাৰ্যকো সমালোচনা কৰে ভূপেন বৰাই । উত্তৰ পূৰ্বাঞ্চলৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল নকৰিলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ পৰা বৃহৎ বিপ্লৱৰ মুখামুখি হ’ব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।
আনহাতে, ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতিৰ প্ৰেক্ষাপটৰ কথা উল্লেখ কৰি ভূপেন বৰাই কয়, বিজেপি আৰু এআইএডিএফ মাজত মেটচ্ ফিক্সিং হৈছে । এআইএডিএফে কি মন্তব্য দিব সেয়া হিমন্ত বিশ্ব শৰ্মাই ঠিক কৰে । বিজেপিয়ে কি মন্তব্য দিব, সত্যৰঞ্জন বৰাই কি মন্তব্য দিব আৰু বৰাকৰ প্ৰদীপ দত্ত ৰয়ে কি মন্তব্য দিব, এই সকলো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঠিক কৰে । বিজেপি চৰকাৰ হোৱাৰ বাবে বদৰুদ্দিন আজমলৰ ব্যৱসায় ভালে চলিছে বুলিও মন্তব্য কৰে বৰাই ।
উল্লেখ্য যে, বৃহস্পতিবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰক্ষেগৃহত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভাত ভূপেন বৰাৰ লগতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুচেইন শিকদাৰ, বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰকে ধৰি বহু কংগ্ৰেছ নেতা ৷ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে সভাত উপস্থিত থকা দলীয় নেতা কৰ্মীসকলক বিভিন্ন দিশত গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াৰ লগতে আগন্তক পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল দেখুৱাব বুলি দাবী কৰে সভাপতি ভূপেন বৰাই ।
লগতে পঢ়ক: Land Grabbing Allegation: গৌৰৱ গগৈয়ে ক’লে, ৰাজ্যৰ ভিতৰতে মাটি দখলৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল