ETV Bharat / state

ধুবুৰীৰ উন্নয়নৰ সংকল্প এজন যুৱকৰ - ETV BHARAT

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দেশ্যে তেজ আৰু কিডনী বিক্ৰীৰ সিদ্ধান্ত

YOUTH FROM DHUBRI
author img

By

Published : Mar 4, 2019, 10:21 PM IST

ধুবুৰী, ৪ মাৰ্চ: ধুবুৰীৰ শুকুৰ আলী নামৰ এজন অসাধাৰণ যুৱকে সংকল্প গ্ৰহন কৰিছে ধুবুৰীৰ উন্নয়নৰ । ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ বিটিএডি এলেকাৰ এই যুৱকজনক মানুহে মৰমতে মিলন দাদা বুলি সম্বোধন কৰে । ধুবুৰীৰ উন্নয়নৰ বাবে তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা চিন্তা কৰিছে যদিও টকাৰ অভাৱৰ বাবে যুৱকজনে বিক্ৰী কৰিব বিচাৰিছে নিজৰ তেজ আৰু কিডনী । তেওঁৰ মতে বিগত দিনত কোনো এজন সাংসদে ধুবুৰীৰ মুছলমানৰ বাবে কোনো উন্নয়ন কৰা নাই । জনপ্ৰতিনিধি আৰু চৰকাৰৰ ফালৰ পৰা মুছলমান সকলে কেৱল বঞ্চিত হৈ আহিছে ।

YOUTH FROM DHUBRI

সাংসদ আজমলৰ বিৰুদ্ধে যুঁজত নামি ধুবুৰীৰ মুঠ দহখন বিধান সভাৰ ভিতৰত সাতখন বিধান সভাৰ পৰা মুঠ ৯ লাখ ভোট তেওঁ সংগ্ৰহ কৰিব বুলি দাবী কৰে । সাংসদ আজমল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও ক্ষোভ উজাৰে যুৱকজনে । নিৰ্দলীয় হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ব্যক্ত কৰে গৌৰীপুৰৰ যুৱকজনে ।

Intro: ধুবুৰীৰ এজন অসাধাৰণ যুৱক। যুৱক জনক দেখাত অসাধাৰণ যেন লাগিলেওঁ ধুবুৰীৰ উন্নয়ন কৰিবলৈ সংকল্প লৈছে যুৱকজন। খেলিব লোকসভা নিৰ্বাচন। কিন্তু টকাৰ অভাৱত যুৱকজন বিক্ৰী কৰিব নিজৰ তেজ আৰু কিডনী। পিছে কোন এই যুৱকজন।

Body: বাংলাদেশৰ হিৰো আলমৰ নাম চাগে সকলোৱে জানে। বাংলাদেশৰ বিগত সাধাৰণ নিৰ্বাচনত সাংসদ পদত প্ৰতিদ্বন্দিতা কৰি জনসমাজত এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। পিছে অসমতো ওলাইছে আন এক হিৰো আলম। আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছে অসমৰ হিৰো আলম।

হয়, প্ৰথমতে এই যুৱক জনলৈ মন কৰক। ধুবুৰীৰ গৌৰীপুৰ বিধান সভা সমষ্টিৰ বিটিএডি এলেকাত ঘৰ এই যুৱকজনৰ। নাম শুকুৰ আলী। মানুহে মৰমতে মিলন দাদা বুলি মতে। পিছে এই যুৱক জনে সংকল্প লৈছে ধুবুৰীৰ উন্নয়ন কৰিবলৈ। তেওঁৰ মতে বিগত দিনত কোনো এজন সাংসদে ধুবুৰীৰ মুছলমানৰ বাবে হেনো কোনো উন্নয়ন কৰা নাই। জনপ্ৰতিনিধি আৰু চৰকাৰৰ ফালৰ পৰা মুছলমান সকলে হেনো কেৱল বঞ্চিত হৈ আহিছে। লগতে বিভিন্ন ক্ষেত্ৰত হেনো হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে মুছলমান সকল। পিছে এতিয়া আৰু চিন্তা নাই। কাৰণ আহি আছে মিলন দাদা। ধুবুৰীৰ এইজন মিলন দাদা অসাধাৰণ যেন লাগিলেওঁ আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা প্ৰতিদ্বন্দিতাত নামিব এওঁ। সাংসদ আজমলৰ বিৰুদ্ধে যুঁজত নামিব ধুবুৰীৰ মিলন দাদা। ধুবুৰীৰ মুঠ দহখন বিধান সভাৰ ভিতৰত সাতখন বিধান সভাৰ পৰা মুঠ ৯ লাখ ভোট মিলন দাদাই পাব বুলি দাবী কৰে। সাংসদ আজমল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ক্ষোভ ধুবুৰীৰ মিলন দাৰ। শুনক কি কয় লোকসভা নিৰ্বাচনলৈ মন মেলা ধুবুৰীৰ মিলন দাদাই।

Conclusion: উল্লেখযোগ্য যে, আগন্তুক লোকসভা নিৰ্বাচনলৈ বিজেপি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ তৎপৰ হৈ আছে। যদিওঁ নিৰ্দলীয় হিচাপে মিলন দাদাই নিৰ্বাচনত অৱতীৰ্ণ হলে ৰাইজে কি দৰে আদৰি লয় সেয়াহে লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.