ETV Bharat / state

Badruddin Ajmal: অসমীয়াক অপমান কৰা মোৰ কোনো লক্ষ্য নাছিল; আজমল - CM Himanta Biswa Sarma

আজমল চুপাৰ-40 ৰ পৰা শিক্ষা ল’ব লাগে অসম চৰকাৰে ৷ এই মন্তব্য খোদ বদৰুদ্দিন আজমলৰ ৷ ‘মিঞা- অসমীয়া ভাই ভাই’ বুলি আজমলে কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাকলৈয়ো মন্তব্য কৰে আজমলে ৷

Badruddin Ajmal
Badruddin Ajmal
author img

By

Published : Jul 13, 2023, 8:02 PM IST

অসমীয়াক অপমান কৰা মোৰ কোনো লক্ষ্য নাছিল; আজমল

ধুবুৰী, 13 জুলাই: ধুবুৰী আজমল চুপাৰ-৪০ ৰ উদ্যোগত অনুষ্ঠিত হোৱা ছাত্ৰ-ছাত্ৰীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত সাংসদ বদৰুদ্দিন আজমল । জিলা উপায়ুক্ত দিবাকৰ নাথৰ উপস্থিতিত আজমল ফাউণ্ডেচনৰ ফালৰ পৰা NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা চুপাৰ-৪০ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ।

সদ্য ঘোষিত NEET পৰীক্ষাৰ ফলাফলত চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আজমল চুপাৰ-৪০ । বৃহস্পতিবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নামনি অসমৰ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, বৰপেটা, বঙাইগাঁও আৰু কোকৰাঝাৰকে ধৰি কেইবাখনো জিলাৰ সাফল্য লাভ কৰা শিক্ষাৰ্থীক জনোৱা হয় সম্বৰ্ধনা ।

সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত সাংবাদিকৰ আগত আজমলে সাফল্য লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ ইয়াৰ পিচতেই সাংবাদিকৰ প্ৰশ্নোত্তৰত আজমলে কেইবাটাও দিশত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

উল্লেখ্য যে, মিঞা অসমীয়া ভাই ভাই বুলি সাংসদ বদৰুদ্দিন আজমলে কোৱা কথাষাৰৰ প্ৰতিক্ৰিয়া দিছিল মুখ্যমন্ত্ৰীয়ে ৷ আজমলে মিঞা-অসমীয়া ভাই ভাই বুলি কৈ অসমীয়া জাতিটোক অপমান কৰা বুলি বৃহস্পতিবাৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকী ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বদৰুদ্দিন আজমলে ৷

আজমলে কয়,‘‘অসমীয়াক অপমান কৰাৰ মোৰ কোনো লক্ষ্য নাছিল ৷ সেইটো কি অপমান হ’ব পাৰে নেকি ? উৎসাহিত কৰাৰ বাবে মই কৈছিলোঁ । মিঞা সকলো অসমীয়া ।’’ লগতে মিঞা-অসমীয়া, খিলঞ্জীয়া-অখিলঞ্জীয়া ভেদাভেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এতিয়ালৈকে খিলঞ্জীয়াৰ সংজ্ঞা উলিয়াব পৰা গৈছে নেকি বুলিও আজমলে প্ৰশ্ন কৰে ৷

নিজৰ জৰাফুঁকাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজমলে ৷ লগতে আজমল চুপাৰ 40 ৰ পৰা অসম চৰকাৰে শিক্ষা ল’ব লাগে বুলিও কয় ৷

লগতে পঢ়ক: Himanta Biswa Sarma: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.