ETV Bharat / state

ছামচুল হুদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ - চাপৰত নিৰ্বাচনী সভা

"ডঃ হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীৰ ভিতৰত কেৱল মোকহে ভয় কৰে । মন্ত্ৰী ডঃ শৰ্মাই সপোনে-দিঠকে কেৱল মোকহে দেখা পায়"- ধুবুৰীৰ চাপৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে এআইইউডিএফ-ৰ সভাপতি বদৰুদ্দিন আজমলে ।

চাপৰত ছামচুল হুদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ

author img

By

Published : Mar 24, 2021, 3:47 PM IST

পূৱ বিলাসীপাৰা,২৪ মাৰ্চ: মঙলবাৰে এআইইউডিএফ-ৰ সভাপতি বদৰুদ্দিন আজমলে পূৱ বিলাসীপাৰা সমষ্টিৰ মহাজোঁট সমৰ্থিত এআইইউডিএফ-ৰ প্ৰাৰ্থী ছামচুল হুদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ধুবুৰীৰ চাপৰত আয়োজিত নিৰ্বাচনী সভাত অংশ লৈ বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি আজমলে কয় যে, যদি সাহস আছে, তেন্তে অসম চুক্তি ৰূপায়ণ কৰি দেখুওৱাক । লগতে আজমলে কয় যে, ডঃ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ পৃথিৱীৰ ভিতৰত কেৱল তেওঁলৈহে ভয় কৰে । সপোনে-দিঠকে, কেৱল বদৰুদ্দিন আজমলক দেখা পায় । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহেও তেওঁলৈ ভয় কৰে বুলি তাচ্ছিল্য কৰে এআইইউডিএফ-ৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ।

তেওঁ কয় যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান তথা মিঞাৰ ভোট নালাগে বুলি কৈছিল । এতিয়া মুছলমানৰ ভোট নহ'লে জিকিব নোৱাৰে । বিজেপিয়ে সেয়ে এতিয়া মুছলমানক ভাল পায় আৰু ভোট লাগে । কিন্তু বদৰুদ্দিন আজমলকহে বেয়া পায় বুলি তেওঁ মন্তব্য কৰে । অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বিজেপিৰ হৈ কাম কৰি আছে বুলিও আজমলে অভিযোগ উত্থাপন কৰে ।

চাপৰত ছামচুল হুদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বদৰুদ্দিন আজমলৰ

ইফালে, আঞ্চলিক দল দুটাক সমালোচনা কৰিবলৈ গৈ জিভা পিছল খালে বদৰুদ্দিন আজমলৰ । তেওঁ কয় যে, বিপিএফে দলে যিমান ক্ষতি কৰিব, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও একেই ক্ষতি কৰিব । কিন্তু এআইইউডিএফ-ৰ দখলত থকা সমষ্টিত এই দুটা দলৰ কোনো প্ৰভাৱ নাই বুলি তেওঁ মন্তব্য কৰে ।

এইদৰে কংগ্ৰেছৰ মহাজোঁটৰ অংশীদাৰ বিপিএফ দলকো সমালোচনা কৰিলে বদৰুদ্দিন আজমলে । বিজেপিৰ মতে বদৰুদ্দিন আজমল যদি অসমৰ মুখ্যমন্ত্ৰী হয়, তেন্তে অসম ভাঙি পৰিব । সেয়ে তেওঁ অসমৰ মুখ্যমন্ত্ৰী নহয় বুলিও মন্তব্য কৰে । ২০ টা সমষ্টিত দলটোৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ইয়াৰে ১৯ টাতে এআইইউডিএফ জয়ী হ'ব বুলি আশাবাদী হৈ পৰিছে বদৰুদ্দিন আজমল । লগতে মহাজোঁটে ৭৪+ আসন পাব বুলি তেওঁ আশা ব্যক্ত কৰে ।

লগতে পঢ়ক: কি কি আছে বিজেপিৰ 'সংকল্প পত্র'ত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.