পশ্চিম বিলাসীপাৰা,6 ফেব্ৰুৱাৰী: অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰতা চলিছে অসম গণ পৰিষদ দলৰ মাজত ৷ সম্প্ৰতি অস্তিত্বৰ সংকটত ভূগি থকা দলটোৰ সাংগঠনিক দিশটো টনকিয়াল কৰাৰ বাবে উঠিপৰি লাগিছে অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদ ৷ শুকুৰবাৰে বিয়লি দলটোৰ সাংগঠনিক দিশ মজবুত কৰাৰ লক্ষ্যৰে বিলাসীপাৰাত উপস্থিত হয় কেন্দ্ৰীয় যুৱ পৰিষদৰ উপ সভাপতি বিকাশ ৰঞ্জন দাস, সাধাৰণ সম্পাদক প্ৰবাল বুজৰবৰুৱা ৷ নেতাদ্বয়ে বিলাসীপাৰাৰ নাথ-যোগী সন্মিলনীৰ কাৰ্যালয়ত উপস্থিত হৈ স্থানীয় দলীয় নেতা-কৰ্মীৰ সৈতে এক মত বিনিময় সভাত মিলিত হয় ৷
উল্লেখ্য যে, এই সভাত উপস্থিত আছিল পূৱ বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক, পশ্চিম বিলাসীপাৰা বিধান পৰিষদৰ সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন আদিকে ধৰি বহুকেইজন স্থানীয় নেতা ৷ মূলতঃ দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয় এই আলোচনাৰ জৰিয়তে ৷ কেন্দ্ৰীয় যুৱ পৰিষদৰ উপ সভাপতি বিকাশ ৰঞ্জন দাসে সমাগত নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা অগপ দলে 50 শতাংশ আসন সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰিব বুলি এই আলোচনাতে ব্যক্ত কৰে ৷
লগতে চাওকঃ ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন