ETV Bharat / state

পূৱ বিলাসীপাৰাত কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৪৫ উৰ্ধৰ ব্যক্তিৰ

পূৱ বিলাসীপাৰাৰ চাপৰত শনিবাৰে পোহৰলৈ আহে এক ধৰ্ষণৰ ঘটনা ৷ চাপৰৰ চৈবাৰী এম ভি স্কুলৰ সমীপত এগৰাকী 5 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলাই ৰঙা ঘৰৰ আলহী হ’বলগীয়া হয় এটা ৪৫ বছৰ উৰ্ধৰ লম্পট ৷

45 year old man attempts to rape teenager in East Bilasipara
পূৱ বিলাসীপাৰাত কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৪৫ উৰ্ধৰ ব্যক্তিৰ
author img

By

Published : Nov 8, 2021, 11:17 AM IST

পূৱ বিলাসীপাৰা, ৮ নৱেম্বৰ : পূৱ বিলাসীপাৰাৰ চাপৰত শনিবাৰে এটা লম্পটৰ কামনাৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পৰে এগৰাকী কিশোৰী ৷ চাপৰৰ কৃষ্ণকলি চাহ বাগিছাৰ ফেক্টৰী লাইনৰ লক্ষ্মণ পাইক ওৰফে নাগাৰা নামৰ ৪৫ উৰ্ধৰ এক লম্পটে একে গাঁৱৰে এগৰাকী ৫ বছৰীয়া কিশোৰীক এখন বিদ্যালয়ত ধৰ্ষণৰ চেষ্টা কৰে ৷ কিন্তু কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত লম্পট লক্ষ্মন পাইক ওৰফে নাগাৰে এন্ধাৰৰ সুযোগ লৈ উক্ত স্থানৰ পৰা পলায়ন কৰে ৷

পূৱ বিলাসীপাৰাত কিশোৰীক ধৰ্ষণৰ অপচেষ্টা ৪৫ উৰ্ধৰ ব্যক্তিৰ

ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছত কিশোৰীগৰাকীৰ পৰিয়াল সদস্য আৰু স্থানীয় ৰাইজে লম্পট লক্ষ্মণক বিচাৰি অভিযান চলায় যদিও লক্ষ্মণক বিচাৰি নাপায় । পুৱা আকৌ লক্ষ্মণক বিচাৰি স্থানীয় ৰাইজে অভিযান চলায় আৰু এঘৰত বহি সুৰা সেৱন কৰি থকা অৱস্থাত দেখা পায় ৷ স্থানীয় ৰাইজে লক্ষ্মণক উত্তম-মধ্যম শোধাই চাপৰ আৰক্ষী থানাত গটাই দিয়ে । লক্ষ্মণ পাইকে কিশোৰীগৰাকীক বিস্কুট খুওৱাৰ চলেৰে অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল ৷ চাপৰ আৰক্ষীয়ে লম্পট লক্ষ্মণ পাইক ওৰফে নাগাৰাক আটক কৰি চাপৰ আৰক্ষী থানালৈ লৈ আনে । সম্প্ৰতি চাপৰ আৰক্ষীয়ে লক্ষ্মণ পাইকক জেৰা অব্যাহত ৰাখিছে ।

আনহাতে, উক্ত ঘটনাটোক লৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ ধুবুৰী জিলা সমিতিয়ে ৷ আছাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি গোলাপ চিকবাৰাইকে লম্পট লক্ষ্মণ পাইকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷ এনে ঘটনা যাতে ভৱিষ্যতে পুনৰায় সংঘটিত হ’ব নোৱাৰে তাৰবাবে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় গোলাপ চিকবাৰাইকে ।

লগতে পঢ়ক : মাটিৰ বাবে লাগিল মাৰপিট; আহত ছুবেদ আলী-ইদ্ৰিছ আলীৰ পৰিয়ালৰ 12 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.