বিলাসীপাৰা, 22 মে’: শুকুৰবাৰে মহাৰাষ্ট্ৰৰ পৰা ধুবুৰীৰ বিলাসীপাৰাত উপস্থিত হয় 29 জন শ্ৰমিক ৷ MH-03-CV-2831 নম্বৰৰ ট্ৰাকখনৰে মহাৰাষ্ট্ৰৰ চকুত ধুলি দি পলাই আহে শ্ৰমিককেইজন ৷ বিলাসীপাৰাৰ চিলকিখাতা গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখনৰ লগতে শ্ৰমিকসকলক ৷
আৰক্ষীয়ে আটক কৰি ইতিমধ্যে শ্ৰমিককেইজনক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, শ্ৰমিককেইজনে ট্ৰাকখনৰ সন্মুখত ‘GUWAHATI HEALTH CAMP’ বুলি লিখি শ্ৰীৰামপুৰৰ তালাচী চকী পাৰ হৈ বিলাসীপাৰাৰ নিজ গাঁও চিলকিখাতা, বামুনগাঁৱত উপস্থিত হয় ৷
লগতে পঢ়ক: ফেনে ফুটুকাৰে বাঢ়িছে বৰপানী : কবলত বহুকেইখন গাঁও