ETV Bharat / state

সেউজ প্ৰকল্প গঢ়াৰ উদ্দেশ্য জোনাইৰ প্ৰান্তে-প্ৰান্তে গছপুলি ৰোপণ

author img

By

Published : Jun 5, 2020, 8:33 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে জোনাইতো ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰা হৈছে পৰিৱেশ দিৱস । জোনাই আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি বহু কইটা সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গছ পুলি ৰোপণ কৰে । সকলোকে পৰিৱেশ সেউজীয়া কৰি তুলিবলৈ আহ্বান ছাত্ৰ সন্থাৰ ।

With focus on air pollution, World Environment Day celebrated at jonai

জোনাই, ৫ জুন : কৰ'ণা আতংকৰ মাজতে শুকুৰবাৰে সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে জোনাইতো ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰা হয় হৈছে পৰিৱেশ দিৱস ৷ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিলিখাগুৰী ৰাইজৰ সহযোগত পৰিৱেশ দিৱস উপলক্ষে জোনাইত কালিচৰণ গয়াৰী সোৱঁৰণি সেউজ প্ৰকল্প গঢ়াৰ লক্ষ্যৰে ৫ বছৰীয়া পৰিকল্পনাৰে শিলিখাগুৰিৰ পথৰ দুয়োকাষে বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ ৫ বছৰীয়া পৰিকল্পনা গছ পুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে শিলিখাগুৰী গাঁৱৰ গাঁওসভাৰ সম্পাদক দ্বীপেন বসুমতাৰীয়ে ৷

সেউজ প্ৰকল্প গঢ়াৰ উদ্দেশ্য জোনাইৰ প্ৰান্তে-প্ৰান্তে গছপুলি ৰোপন

আনহাতে, উক্ত বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী । আছু নেতা গৰাকীয়ে সকলো লোককে বৃক্ষ ৰোপন কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাই ।

আনহাতে, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুহিচন্দ্ৰ মিৰি সামাজিক বননি কৰণৰ উদ্দেশ্যে ১০ বছৰীয়া পৰিকল্পনাৰে আজি টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ৷ জোনাইৰ ৰায়াং কুলি এল পি স্কুল, বাহিৰ জোনাই লোহিজান এম ই স্কুল,জোনাই মূৰ্কংচেলেক গাঁৱৰ মূৰং ঘৰ,তাৰি বিজয়পুৰ এলপি স্কুল,জোনকাৰেং ইংলিছ মেডিয়াম স্কুল প্ৰাংগণত বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত অনুষ্ঠানত টি এম পি কে সভাপতি ৰাজকুমাৰ মৰাং,মিচিং বানে কেবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদক,প্ৰাক্তন টি এম এম পিকে সভাপতি নৰেশ কুম্বাং লগতে কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷

জোনাই মহকুমা সদৰকে প্ৰমুখ্য কৰি চিমেন চাপৰি,লাইমেকুৰী তেলাম আদি অঞ্চলবোৰত থকা শিক্ষানুষ্ঠানসমূহৰ লগতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতে মানুহে মানুহৰ বাবে,চেৱ পবা ৰেইন ফৰেষ্ট এন জি অ'ৰ ফালৰ পৰাও পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷

ইয়াৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিয়ে নিজৰ কাৰ্যালয়ত বৃক্ষ ৰোপণ কৰি মুৰ্কংচেলেক ইণ্ডৰ ষ্টেডিয়াম প্ৰাংগণত আৰু জোনাই বিভিন্ন স্থানত বৃক্ষ ৰোপণ কৰে ৷

ইফালে,কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে ঠায়ে ঠায়ে পৰিৱেশ সজাগতাৰ দৰে মহান উদ্দেশ্য আগত ৰাখি পথৰ দাঁতি,ৰাজহুৱা স্থান আদিত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ৰাইজৰ মাজত বিভিন্ন প্ৰকাৰৰ মূল্যৱান গছ পুলি বিতৰণ কৰে ৷

লগতে পঢ়ক : বনাঞ্চলৰ সংখ্যা বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.