ETV Bharat / state

Two held with fake currency: জোনাই বৃহৎ পৰিমাণৰ টকাসহ আৰক্ষীৰ জালত ২ জাল নোট ব্যৱসায়ী, পলাতক-২

author img

By

Published : Aug 9, 2023, 11:00 PM IST

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অসমৰ এখন আৰক্ষী থানাত টকাৰ উজান উঠিছে ৷ জোনাই চিমেন চাপৰিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় ৫ লক্ষাধিক টকা ৷ ঘটনাত জড়িত ২ জনক আটক, পলাতক ২ ৷

Two held with fake currency
জোনাই বৃহৎ পৰিমাণৰ টকাসহ আৰক্ষীৰ জালত ২ জাল নোট ব্যৱসায়ী

জোনাই, ৯ আগষ্ট: স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ধেমাজিৰ চিমেন চাপৰিত জাল নোটৰ সন্দেহত ৰাইজে চাৰি যুৱকক কৰায়ত্ত কৰাৰ লগতে ৫ লক্ষাধিক টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনাক লৈ এতিয়া সমগ্ৰ চিমেনচাপৰিত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । জানিব পৰামতে লখিমপুৰ জিলাৰ বিপুৰীয়াৰ আৰক্ষী থানাৰ পট্টেপুৰৰ চাৰি যুৱকে ধেমাজিৰ চিমেনচাপৰিৰ লামাজান অঞ্চলত AS 07 S/1889 নম্বৰযুক্ত বগা ৰঙৰ এল্ট বাহনেৰে জাল নোটৰ ব্যৱসায় কৰিবলৈ লামাজানৰে তীৰ্থ শইকীয়াৰ বাসগৃহত আহিছিল ৷

স্থানীয় ৰাইজৰ এই সন্দৰ্ভত সন্দেহৰ সৃষ্টি হোৱাত তেওঁলোকে চাৰি যুৱকক কৰায়ত্ত কৰে ৷ ধৃতকেইটা ক্ৰমে ছাদিকুল ইছলাম(৩০), জিয়াবুৰ ৰহমান(৩৫), মুজামিল ইছলাম(২৬) আৰু নুৰ ইছলাম(২৭) বুলি জানিব পৰা হৈছে ৷ কিন্তু সুযোগ বুজি ইয়াৰে মুজামিল ইছলাম আৰু নুৰ ইছলামে পলায়ন কৰিবলৈ সক্ষম হয় ৷ ধৃত দুই যুৱকে জাল নোট বনোৱা মেচিন দেখুওৱাই দিয়াৰ চলেৰে ৰাইজৰ হাতৰ পৰা পলাই যাবলৈ সক্ষম হয় ।

ইফালে চিমেন চাপৰি আৰক্ষীয়ে ধৃত ছাদিকুল ইছলাম আৰু জিয়াবুৰ ৰহমানক আটক কৰি জেৰা অব্যাহত ৰখাৰ লগতে মুঠ ৫ লাখ টকাৰ ভিতৰত নগদ ৪,১৬,৫০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে পলাতক মুজামিল ইছলাম আৰু নুৰ ইছলামক বিচাৰিও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা হৈছে ৷

ৰহস্যজনক বিষয়টো হৈছে যে গাওঁৰক্ষী বাহিনীৰ লোকে যুৱককেইটাৰ লগত জাল নোট বনোৱা মেচিন প্ৰত্যক্ষ কৰে যদিও বৰ্তমানেও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই মেচিনটো । আৰক্ষীয়ে সঠিক তদন্ত অব্যাহত ৰাখিলে জাল নোট প্ৰস্তুত কৰাৰ এক বৃহৎ চক্ৰ উৎখাত হোৱাৰ সম্ভাৱনা আছে বুলি ৰাইজে ধাৰণা কৰিছে ৷

লগতে পঢ়ক: Crime in Lakhimpur: লখিমপুৰত চোৰাং সোণ বিক্ৰী কৰিবলৈ আহোতেই ৰাইজে ধৰিলে চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.