ETV Bharat / state

অৰুণাচলীৰ বিৰুদ্ধে চিলাপথাৰত চালক সন্থাৰ প্ৰতিবাদ - কৰ'ণা ভাইৰাছ

কৰ'ণা ভাইৰাছৰ নামত অৰুণাচলত ট্ৰাক চালকৰ ওপৰত অত্যাচাৰ । অৰুণাচলী প্ৰশাসনে যেতিয়া লৈ ট্ৰাক চালক সকলক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়া লৈ প্ৰতিবাদ অনিৰ্দিষ্ট সময়লৈ চলি থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে ।

Truck driver's union protests against Arunachali  at silapathar

author img

By

Published : Jun 11, 2020, 6:15 PM IST

জোনাই, 11 জুন: অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ ট্ৰাক চালক সকলে নিজৰ জীৱনকতুচ্ছ জ্ঞান কৰি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ দুৰ্গম অঞ্চললৈ ৰাইজৰ সুবিধাৰ্থে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আহিছে । তেনেস্থলত শেহতীয়াকৈ কৰ'ণা ভাইৰাছৰ আলম লৈ অৰুণাচলৰ গ্ৰাম্য লোকৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক সকলে ট্ৰাক চালকক অত্যাচাৰ কৰাৰ বুলি অভিযোগ উত্থাপন কৰি চিলাপথাৰ,এমিএচ,জলকীয়া সুঁতি ইত্যাদি বিভিন্ন ঠাইত ট্ৰাক ইউনিয়ন সন্থাৰ উদ্যোগত ল'ডিং ট্ৰাক ৰখাই বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

অৰুণাচলীৰ বিৰুদ্ধে চিলাপথাৰত চালক সন্থাৰ প্ৰতিবাদ

ট্ৰাক চালক সকলৰ অভিযোগ অনুসৰি অৰুণাচলী লোক সকলে বাটত ঘাড়ী ৰখাই মল-মূত্ৰ ত্যাগ কৰিব দিয়া দূৰৰ কথা, জীয়াই থাকিবলৈ ভাত এমুটি বনাই খাবলৈ দিয়া নাই । জুই জ্বলোৱা ষ্টপৰ লগতে খাদ্য সামগ্ৰী দলিয়াই দিয়া,পাহাৰৰ পৰা বৈ অহা নিজৰা সমূহৰ পৰাও পানী নিবলৈ বাৰণ কৰাৰ লগতে বিভিন্ন ঠাইত ধমক দিয়া বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

যাৰ বাবে বিগত তিনিদিনৰ পৰা চিলাপথাৰত ট্ৰাক ইউনিয়নৰ উদ্যোগত চালক সন্থাই ট্ৰাক ৰখাই প্ৰতিবাদ অব্যাহত ৰাখিছে । অৰুণাচলী প্ৰশাসনে যেতিয়া লৈ ট্ৰাক চালক সকলক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়া লৈ এই প্ৰতিবাদ অনিৰ্দিষ্ট সময়লৈ চলি থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে ।

লগতে চাওকঃ দেশদ্ৰোহৰ গোচৰৰ পৰা তিনি কাশ্মীৰি ছাত্ৰই লাভ কৰিলে জামিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.