ETV Bharat / state

Trinamool Congress protest: ৰাজপথত গৰু লৈ প্ৰতিবাদ ৰিপুন বৰাৰ - তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা

ধেমাজিত ব্যতিক্ৰমী প্ৰতিবাদ ৷ ৰাজপথত আগে আগে এদল গৰু, পিছে পিছে প্ৰতিবাদী সমদল উলিয়াই তৃণমূল কংগ্ৰেছে গো-সুৰক্ষা আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Trinamool Congress protest against Assam cattle Preservation act 2020)৷

Trinamool Congress protest
Trinamool Congress protest
author img

By

Published : Aug 8, 2022, 9:52 PM IST

ধেমাজি, 8 আগষ্ট: ধেমাজিত এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী (Trinamool Congress protest against Assam cattle Preservation act 2020) ৷ ৰাজপথত আগে আগে এদল গৰু, পিছে পিছে প্ৰতিবাদকাৰীৰ শ্লোগানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ প্ৰকৃততে এই প্ৰতিবাদী সমদল উলিয়াইছে তৃণমূল কংগ্ৰেছৰ এটা দলে (Trinamool Congress protest in Dhemaji) ৷

যোৱা ২০২১ চনত আনিছিল বিজেপি চৰকাৰে গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল ৷ এই আইনৰ নিৰ্দেশনা অনুসৰি গৰু কিনা বেচাত বহুতো নীতি-নিয়ন পালন কৰিব লগীয়া হৈছিল ৷ ফলত একাংশ গাঁৱৰ লোকলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল৷ এই গো সুৰক্ষা আইন শীঘ্ৰে বাতিলৰ দাবীত আজি এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিল ধেমাজি ৷

আগে আগে এদল গৰু, পিছে পিছে প্ৰতিবাদকাৰীৰ শ্লোগান

এই প্ৰতিবাদনত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই কয়, "আমি প্ৰতীকি প্ৰতিবাদ কৰিছোঁ ৷ আমি আজি ধেমাজি জিলাৰ পৰা এই প্ৰতিবাদ আৰম্ভ কৰিছোঁ ৷ ৰাজ্যৰ সকলো জিলাই জিলাই এই প্ৰতিবাদ আৰম্ভ কৰা হ’ব ৷ অসম চৰকাৰে 2021 চনত যিখন গো সুৰক্ষা আইন গৃহীত কৰিলে সেই আইনখনৰ 7 নং দফাটোৰ সংশোধনৰ আমি দাবী জনাইছোঁ ৷ 7 নং দফাই কৈছে যে 14 বছৰৰ তলৰ গৰু বিক্ৰী কৰিব নোৱাৰিব ৷ যদি 14 বছৰৰ তলত গৰু বিক্ৰী কৰিব নোৱাৰে তেনেহ’লে সেই গৰুসমূহ বিক্ৰী কৰিলে কোনেও ক্ৰয় নকৰিব ৷ সেইবাবে আমি গৰুসমূহ চৰকাৰক চমজাই দিবলৈ আহিছো ৷ চৰকাৰে গৰুসমূহ প্ৰতিপালন কৰক ৷"

ৰাজ্যিক সভাপতি গৰাকীয়ে চৰকাৰক তীব্ৰ ককথৰ্না কৰি অসমীয়া কৃষক ৰাইজৰ গৰুৰ প্ৰয়োজনীয়তা কথা উল্লেখ কৰি এটি বিহুগীত জুৰি কয় যে, হালৰে বেচিমে কজলা দমৰা, গোহালিৰ বেচিম গাই ৷ তেও যদি ধনেৰে নুজুৰে... ৷ এই প্ৰতিবাদৰ যোগেৰে ৰিপুন বৰাই গ্ৰাম্য লোকসকলে সন্মুখীন হোৱা অসুবিধাসমূহ চৰকাৰক উনুকিয়াই দিয়াৰ লগতে অনাগত দিনত এই প্ৰতিবাদ প্ৰতিখন জিলাতে হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: Initiative for sparrow conservation: ঘৰচিৰিকা সংৰক্ষণৰ বাবে মহানগৰীৰ বিশ্ৰাম ঘৰৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.