জোনাই ২৯ নৱেম্বৰ: জোনাইৰ অসম-অৰুণাচল সীমান্তৰ অৰুণাচল প্ৰদেশৰ ৰুকচিন অসামৰিক চিকিৎসালয়ৰ সমীপৰ এখন ফাৰ্মাচীত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ফাৰ্মাচীত ভুল চিকিৎসাৰ বলি হৈ এটি দেৱশিশুৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি এই পৰিস্থিতিৰ সৃষ্টি হয় । ধেমাজি জিলাৰ জোনাইৰ দঙাইগাঁৱৰ বিপুল বসুমতাৰী আৰু ডিমু বসুমতাৰীৰ এটি দুমহীয়া শিশুৰ মৃত্য়ু হোৱাক লৈ পৰিয়ালৰ লোকে এনে পৰিস্থিতিৰ সৃষ্টি কৰে ।
ভুক্তভোগী বিপুল বসুমতাৰী আৰু ডিমু বসুমতাৰীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে সামান্য চৰ্দি কাহ হোৱাৰ বাবে বুধবাৰে অৰুণাচলৰ ৰুকচিন অসামৰিক চিকিৎসালয়লৈ শিশুটিক লৈ যায় । অৰুণাচলৰ ৰুকচিন অসামৰিক চিকিৎসালয়ৰ শিশুৰোগ চিকিৎসক ডাঃ নিনি কাডুৱে চিকিৎসা কৰি শিশুটোক এখন ফাৰ্মাচীত এটা বেজী দিবলৈ কয় । অৰুণাচলৰ ৰুকচিন অসামৰিক চিকিৎসালয়ৰ শিশুৰোগ চিকিৎসকগৰাকীৰ কথা মতে শিশুটিক এখন ফাৰ্মাচীলৈ নিয়ে । এই ফাৰ্মাচীখনত বেজী দিয়াৰ লগে লগে শিশুটিৰ মৃত্যু হয় ।
ইফালে, শিশুটোৰ মৃত্যুৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ফাৰ্মাচীখনত ৷ চিকিৎসক আৰু ফাৰ্মাচীৰ লোকৰ ভুল চিকিৎসাৰ বাবে শিশুটোৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলি ফাৰ্মাচীখনত উত্তপ্ত কৰে ৷ পৰিস্থিতি লাহে লাহে উত্তপ্ত হোৱাত অৱশেষত জোনাই আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ চিকিৎসাৰ নামত হেমাহি কৰা চিকিৎসকগৰাকীৰ বিৰুদ্ধে অতি শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰি শাস্তিৰ দাবী তুলিছে বিপুল বসুমতাৰী আৰু ডিমু বসুমতাৰীয়ে ।
লগতে পঢ়ক:স্বাধীন অসমৰ সপোন পৰিহাৰ কৰি মূলসূঁতিলৈ চাৰি আলফা (স্বা) সদস্য