ETV Bharat / state

Jonai School Condition: জোনাইত সময় মতে বিদ্যালয়লৈ নাহে শিক্ষক

author img

By

Published : Oct 25, 2022, 4:09 PM IST

জোনাইৰ শিক্ষকৰ আজৱ কাহিনী । বিদ্যালয়ৰ শিক্ষকসকলে নাজানে পাঠদানৰ সময়সূচী । সময়মতে নাহে বিদ্যালয়লৈ । শিক্ষকলৈ অপেক্ষা কৰি‌ ছাত্ৰ-ছাত্ৰীসকল ঘূৰি যায় ঘৰলৈ (Teachers irregularity in Jonai school) ।

Jonai
Jonai

জোনাই, ২৫ অক্টোবৰ : অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Education Minister Ranoj Pegu) গৃহ জিলা ধেমাজিৰ জোনাইত শিক্ষা বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড । সংঘটিত হৈছে ইটোৰ পিছত সিটো আজৱ ঘটনা । পোকে ধৰা পচা চাউল মধ্যাহ্ন ভোজনৰ (Midday meal) নামত কণ কণ ছাত্ৰ-ছাত্ৰীক দিয়াৰ পিছত এইবাৰ আৰু এটা আজৱ ঘটনা সংঘটিত হৈছে জোনাইৰ চৌৰাংশ্ৰী বড়ো প্ৰাথমিক বিদ্যালয়ত ।

Jonai School Condition : জোনাইত সময় মতে বিদ্যালয়লৈ নাহে শিক্ষক

ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিকাষৰীয়া ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ সীমান্তৰ চেৰেং চিৰি গাঁৱৰ চৌৰাংশ্ৰী বড়ো প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত কাণ্ড । বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীননাথ পাতিৰে নামানে চৰকাৰে দিয়া কোনো নীতি নিয়ম । নামানে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী । যেতিয়াই মন যায় তেতিয়াই আহে বিদ্যালয়লৈ (Teachers irregularity in Jonai school) ।

ছাত্ৰ-ছাত্ৰীসকলে পুৱা ৯ বজাতে বিদ্যালয়ত আহি উপস্থিত হৈ শিক্ষকলৈ অপেক্ষা কৰি থাকে । তেওঁ আহিব বুলি বহু সময় অপেক্ষা কৰি ছাত্ৰ-ছাত্ৰীসকল পাঠ গ্ৰহণ নকৰাকৈয়ে পুনৰ ঘৰলৈ উভতি যাবলগা হয় । ইয়াৰ উপৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীননাথ পাতিৰে বছৰ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰি ৰাখিছে মধ্যাহ্ন ভোজনৰ পৰাও ।

এনেদৰে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিয়া আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা শিক্ষকৰ বিৰুদ্ধে চৰকাৰ তথা শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষ্যণীয় হ'ব ।

উল্লেখ্য, অসমৰ চৰকাৰী শিক্ষা খণ্ডক লৈ ইতিমধ্যে সৃষ্টি হৈছে বহু বিতৰ্কৰ । ছাত্ৰ-ছাত্ৰী অনুপাতে কোনোবাখন বিদ্যালয়ত যদি শিক্ষক নাই, আন ক'ৰবাত আকৌ ছাত্ৰ-ছাত্ৰীতকৈও শিক্ষকৰ সংখ্যা অধিক । এনে বহু বিদ্যালয় ইতিমধ্যে চৰকাৰী একত্ৰীকৰণৰ ব্যৱস্থা কৰিছে । আনহাতে, চৰকাৰে চৰকাৰী শিক্ষানুষ্ঠানত গুণগত শিক্ষাৰ দিশত চৰকাৰে গুৰুত্ব প্ৰদানৰ কথা ক'লেও বাস্তৱ ক্ষেত্ৰত তাৰ ওলোটা ছবিখনহে প্ৰতিফলিত হয় ।

ইয়াৰ উপৰি বহু শিক্ষকৰ বিদ্যালয়ত অনিয়মীয়া উপস্থিতিও আন এটা ডাঙৰ সমস্যা । এই এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হোৱাৰ বাবেই বৰ্তমান ৰাজ্যত চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী সংখ্যা কমি যোৱাৰ অভিযোগ ।

লগতে পঢ়ক :Road accident at Bogeebil : বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘদুটৰ্ঘনা, নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.