জোনাই, ১৪ নৱেম্বৰ : ধেমাজিৰ চিমেন চাপৰিত সোমবাৰে সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Simen Chapori)৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন দশম শ্ৰেণীৰ ছাত্ৰ (Student dies in accident at simen chapori) ৷ ইয়াৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন ছাত্ৰ (Student dead at Simen Chapori)৷
চিমেন চাপৰি আৰক্ষী থানাৰ(Simen Chapori Police Station) অন্তৰ্গত ডেকাপাম কুঁহিয়াৰবাৰীৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । সোমবাৰে দিনৰ প্ৰায় ৩:৩০ বজাত জোনাইৰ দিশৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা AS 22 G৭০৬৩ নম্বৰৰ এখন মটৰ চাইকেল আৰু চিলাপথাৰৰ পৰা জোনাই দিশে গৈ থকা AS২২ C৪৬৫৬ নম্বৰৰ এখন বাৰচকীয়া ট্ৰাকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় (Truck Bike collision at Simen Chapori)।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় চিলাপথাৰৰ ছ'ছাইটিৰ তথা সীতাৰাম টায়ে টাউন হাইস্কুলৰ(Sitaram Taye High School) দশম শ্ৰেণীৰ ছাত্ৰ বিৰাজ সোণাৰ । দুৰ্ঘটনাটোৰ ফলত একেখন মটৰ চাইকেলেৰে অহা আন দুজন ছাত্ৰও গুৰুতৰভাৱে আহত হয় । গুৰুতৰভাৱে আহত ছাত্ৰ দুজনক ডেকাপাম ক্ষূদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ।
উল্লেখযোগ্য যে ছাত্ৰ তিনিজন চিলাপথাৰৰ পৰা আহি চুবুৰীয়া অৰুণাচল প্ৰদেশত ফুৰি ঘৰলৈ উভতাৰ পথত ডেকাপাম অঞ্চলত দুৰ্ঘটনাত পতিত হয় । ঘটনাস্থলীত আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ দুৰ্ঘটনাটোক লৈ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Tense situation in Pengeri: পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী