ETV Bharat / state

Wood Smuggling: চিয়াং নদীৰ বুকুৰে চলিছে চোৰাং কাঠৰ বেহা - Illegal timber supply by Smuggler

চিয়াং নদীৰ বুকুত চোৰাং কাঠৰ মুকলি বেহা(Illegal timber supply by Smuggler) । প্ৰতিদিনে চিয়াঙৰ বুকুৰে পাৰ কৰি নিছে বৃহৎ বৃহৎ কাঠৰ কুণ্ডা(Wood smuggling in Jonai) । এনে বন ধ্বংসযজ্ঞ শীঘ্ৰে বন্ধ কৰি প্ৰকৃতিক সুৰক্ষা দিবলৈ চৰকাৰৰ ওচৰত দাবী প্রকৃতি প্ৰেমীৰ ।

smuggling wood trade through chiang river
Wood Smuggling: চিয়াং নদীৰ বুকুৰে চলিছে চোৰাং কাঠৰ বেহা
author img

By

Published : Jul 28, 2022, 2:17 PM IST

জোনাই,২৮ জুলাই: চিয়াং নদীৰ বুকুৱেদি মুকলিকৈ চলিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা(Illegal timber supply by Smuggler) । দিন দুপৰতে মুক্তভাবে ভূৰ সাজি চোৰাং কাঠ বেপাৰীয়ে চলাই গৈছে চোৰাং কাঠৰ বেহা(Wood smuggling in Jonai) । অসম-অৰুণাচল সীমান্তৰ পূৱ চিয়াং জিলাৰ বিভিন্ন বনাঞ্চলৰ লগতে জোনাইৰ সংৰক্ষিত পবা বনাঞ্চলৰ পৰা চোৰাংকৈ গছ কাটি একাংশ দুষ্কৃতিকাৰীয়ে বন ধ্বংস যজ্ঞ চলাই থকাৰ পিছতো চকু মুদা কুলিৰ ভাও জুৰিছে অৰুণাচল বন বিভাগৰ লগতে জোনাই বন বিভাগে ।

জোনাইৰ চিয়াং নদীৰ বুকুত দিন দুপৰতে একাংশ দুষ্কৃতিকাৰীয়ে কেঁচা কাঠৰ কুণ্ডা ভুৰ সাজি মুকলিকৈ ডিব্ৰুগড়, যোৰহাট আদিলৈ চোৰাংকৈ সৰবৰাহ কৰা দেখা গৈছে । চিয়াঙৰ বুকুত দৈনিক সুলভ এনে দৃশ্য । উল্লেখ্য যে জোনাই বনাঞ্চলিক বন বিভাগৰ অন্তৰ্গত পৰা বনাঞ্চলৰ তিনিমাইল বিটৰ নিচেই কাষৰ পৰা চিয়াং নদীৰ বুকুৱেদি এনেদৰে দিন দিপৰতে একাংশ দুষ্কৃতিকাৰীয়ে মুকলিকৈ চোৰাং কাঠৰ বেহা চলাই অহাৰ পিছতো দৃষ্টিগোচৰ নহয় বন বিষয়া কিম্বা বনকৰ্মীৰ ।

Wood Smuggling: চিয়াং নদীৰ বুকুৰে চলিছে চোৰাং কাঠৰ বেহা

যাৰ বাবে এনে চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে অৰুণাচল কিম্বা জোনাই বন বিভাগৰ বুজাবুজি থকাৰ সন্দেহ প্ৰকাশ কৰিছে জোনাইৰ প্ৰকৃতি প্ৰেমী ৰাইজে । ইফালে দুষ্কৃতিকাৰীৰ এনে বন ধ্বংসযজ্ঞ শীঘ্ৰে বন্ধ কৰি প্ৰকৃতিক সুৰক্ষা প্ৰদান কৰাৰ লগতে চোৰাং কাঠ ব্যৱসায়ীৰ সতে মিতিৰালি থকা বন বিভাগৰ একাংশ বিষয়া-কৰ্মীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে জোনাইৰ প্ৰকৃতি প্ৰেমী ৰাইজে ।

লগতে পঢ়ক: Land-centric disputes: ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত কলগাছিয়া; সাতজন আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.