ETV Bharat / state

চিমেন চাপৰি মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী "শাশ্বত" উন্মোচন - Simen chapari College

সোমবাৰে উন্মোচন কৰা হ'ল জোনাইৰ চিমেন চাপৰি মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী "শাশ্বত" । আলোচনীখন উন্মোচন কৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত(ৰাজহ) তথা বিশিষ্ট কবি উৎপল দলেই । "শাশ্বত" উন্মোচন কৰি উৎপল দলেই কয় যে, জ্ঞানৰ অবিহনে সঠিক পথৰ সন্ধান পাব নোৱাৰি ।

Simen chapari College magazine released
চিমেন চাপৰি মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী উন্মোচন
author img

By

Published : Oct 5, 2021, 10:13 AM IST

জোনাই, ৫ অক্টোবৰ : জোনাই মহকুমাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান চিমেন চাপৰি মহাবিদ্যালয়ত সোমবাৰে আলোচনী উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয় । মহাবিদ্যালয়খনৰ আলোচনী বিভাগৰ তত্বাৱধায়ক হৰেণ চাৰহে পৰিচালনা কৰা এই অনুষ্ঠানত এই বাৰ্ষিক আলোচনী "শাশ্বত" উন্মোচন কৰা হয় । বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতে আলোচনীখন উন্মোচন কৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত(ৰাজহ) তথা বিশিষ্ট কবি উৎপল দলেই ।

ভাষণ প্ৰসংগত তেওঁ কয় যে, জ্ঞানৰ অবিহনে সঠিক পথৰ সন্ধান উলিয়াব নোৱাৰি আৰু শৈশৱৰ পৰা মৃত্যু পৰ্যন্ত শিক্ষা আহৰণ কৰিব পাৰি । লগতে শিক্ষিত হ'লেও মানুহ জ্ঞানী নহ'বও পাৰে বুলি উনুকিয়াই আধ্যাত্মিকভাৱে আৰু নিৰলস অধ্যয়নৰ ফলতহে প্ৰকৃত জ্ঞান অৰ্জন কৰিব পাৰি বুলি গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক সদায় শ্ৰদ্ধা কৰিবলৈ পৰামৰ্শ দিয়ে । অনুষ্ঠানটিত তেওঁ এটি স্ব-ৰচিত কবিতাও পাঠ কৰে ।

অনুষ্ঠানটিত চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে, অধ্যাপক গোপাল তামুলী, ভূপেন চুংক্ৰাং,ৰিণী শইকীয়া, ড৹ ৰুণু গগৈ, চবেত বসুমতাৰী, প্ৰমোদ সন্দিকৈ,কৃষ্ণ ভূজেল, ধনেশ্বৰ নাৰ্জাৰী, জোনমণি ৰাইদঙীয়া আৰু মুনীন কাকতি সাংবাদিকতা বঁটা প্ৰাপক পৱন কামান উপস্থিত থাকে । এই অনুষ্ঠানতে বিশিষ্ট কবি তথা ৰে'ল বিভাগৰ বিষয়া ৰ'ণাল্ড টাইদে নদী আৰু নাৰী বিষয়ৰ ওপৰত নিজে লিখা এটি কবিতা পাঠ কৰে । অনুষ্ঠানটোৰ আঁত ধৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ আলোচনী "শাশ্বত"ৰ সম্পাদক মৃণাল পাঠৰীয়ে ।

লগতে পঢ়ক:হোজাইৰ কাকীৰ ডেকাগিৰি সমন্বয় ক্ষেত্ৰত গুৰুগৃহ প্ৰতিষ্ঠা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.