ধেমাজি, 20 ফেব্ৰুৱাৰী: ধেমাজি চিলাপথাৰ মেচাকি টঙানী অঞ্চলত শনিবাৰে ভূমি অধিগ্ৰহণকলৈ উত্তাপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ মেচাকি টঙানী অঞ্চলৰ কৃষকৰ ভূমি বহিৰাগত কোম্পানীক গতাই দিয়াৰ অভিযোগত এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷
স্থানীয় ৰাইজৰ অভিযোগ মতে মেচাকী টঙানী অঞ্চলৰ একাংশ স্থানীয় ভু মাফিয়াই অঞ্চলটোৰ কৃষকৰ ভূমি কোনো ব্যক্তিগত কোম্পানীৰ হাতত কূটকৌশলেৰে গতাই দিব বিচাৰিছে ৷
এই বিষয়তে অঞ্চলটোৰ কৃষকসকলে শনিবাৰে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷ এই সভাৰ পিচতে প্ৰতিবাদী পুৰুষ-মহিলাই হাতে হাতে লাঠি লৈ ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ একাংশ প্ৰতিবাদীয়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাথলীৰ বাবে প্ৰস্তুত কৰা বাঁহৰ বেৰা ভাঙি লণ্ড ভণ্ড কৰি জ্বলাই দিয়ে ৷
ইয়াপ সমান্তৰালভাৱে প্ৰতিবাদ থলীৰ পৰা জোনাই বিধায়ক ভূৱন পেগুকো সকিয়নী দিয়ে প্ৰতিবাদকাৰীয়ে ৷ ভূমি অধিগ্ৰহণকলৈ ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচী ইমানে উত্তপ্ত হৈ পৰে যে অৱশেষত স্থানীয় আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
লগতে পঢ়ক: আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া